CISF–এ লকডাউনৰ পিছত বিমানেৰে যাত্ৰা কৰিবলৈ কিছু নীতি–নিয়ম প্ৰস্তুত কৰিছে। এই নিয়মসমূহ বিমানবন্দৰৰ সঞ্চালকৰ পৰা যাত্ৰী সকলোৱে মানিব লাগিব।
CISF–এ লকডাউনৰ পিছত বিমানেৰে যাত্ৰা কৰিবলৈ কিছু নীতি–নিয়ম প্ৰস্তুত কৰিছে। এই নিয়মসমূহ বিমানবন্দৰৰ সঞ্চালকৰ পৰা যাত্ৰী সকলোৱে মানিব লাগিব।
লকডাউন শেষ হোৱাৰ পিছত বিমানেৰে যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ কাৰণে কেতবোৰ নতুন নিয়ম থাকিব। চেন্ট্ৰেল ইণ্ডাষ্ট্ৰীজ চিকিউৰিটী ফৰ্চে এই নতুন নিয়মসমূহ প্ৰস্তুত কৰিছে। CISF–এ এই বিষয়ত নতুন এডাভাইজৰী জাৰি কৰিছে। এই পদক্ষেপসমূহ কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লোৱা হৈছে।
জানো আহক CISFৰ এই নতুন নিয়মসমূহ কি?
1. যাত্ৰাৰ পূৰ্বে সকলো যাত্ৰীৰ বিমানবন্দৰত ৰিপ’ৰ্টিং টাইম ১২০ মিনিটলৈকে বাঢ়িব পাৰে। সকলো যাত্ৰীৰে ৰিপ’ৰ্টিঙৰ সময়ত এই কথা সুনিশ্চিত কৰিব লাগিব যে ছচিয়েল ডিচটেন্সিঙৰ কথা যাতে মনত ৰাখি চেকিং কৰা হয়।
2. যাত্ৰীসকলৰ কাৰণে নিৰ্দেশনা জাৰি কৰা হ’ব পাৰে যে তেওঁলোকে বিমান যাত্ৰাৰ কালত নিজৰ ব্যক্তিগত সুৰক্ষাৰ সম্পূৰ্ণ ধ্যান ৰাখে। তেওঁলোকৰ ওচৰত প্ৰটেক্টিভ গিয়েৰ থাকিব লাগিব।
3. চেকিং কাউণ্টাৰছ সমূহ এইধৰণে খুলিব লাগিব যাতে দুটা কাউণ্টাৰৰ মাজত পৰ্যাপ্ত দূৰত্ব থাকে। ছচিয়েল ডিচটেন্সিং মাৰ্কছ দিয়া হ’ব।
4. ফ্লাইট ক্ৰুয়ে সকলো যাত্ৰীৰ কাৰণে চেনিটাইজাৰ উপলব্ধ কৰাব। সকলো যাত্ৰীয়ে নিজৰ আসনত বহাৰ পূৰ্বে চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।
5. সকলো যাত্ৰীৰ কাৰণে এয়াৰলাইন্সে এক প্ৰশ্নাৱলী প্ৰস্তুত কৰিব। ইয়াত যাত্ৰীয়ে নিজৰ ঘৰৰ বা হাস্পতালতৰ কোৱাৰানটাইনৰ বিষয়ে তথ্য প্ৰদান কৰিব লাগিব। ইয়াত যাত্ৰীৰ শেহতীয়া এটা মাহৰ সকলো তথ্য প্ৰদান কৰিব লাগিব।
6. বিমানবন্দৰৰ চৌহদত মাস্ক আৰু গ্লভছ বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হ’ব।
7. যদি কোনো যাত্ৰীয়ে শেহতীয়া এটা মাহত হোম বা হাস্পতাল কোৱাৰানটাইনত আছিল তেনেহ’লে তেওঁৰ কাৰণে বিশেষ চেকিং কাউণ্টাৰৰ ব্যৱস্থা কৰা হ’ব।
8. বিমানবন্দৰৰ অপাৰেটৰে সকলো এণ্ট্ৰী আৰু এগডিট পইণ্টছত থাৰ্ম’মিটাৰৰ সৈতে ডেডিকেটেড ষ্টাফৰ ব্যৱস্থা কৰিব লাগিব।
9. বিমানবন্দৰৰ ভিতৰত সকলো জৰুৰী ঠাইত চেনিটাইজাৰৰ ব্যৱস্থা কৰা হ’ব।
10. সকলো বিমানবন্দৰৰ সঞ্চালকে এণ্ট্ৰীৰ পূৰ্বে চেনিটাইজিং টানেলৰ ব্যৱস্থা কৰিব লাগিব।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|