• Home
  • »
  • News
  • »
  • nation
  • »
  • ৪ মে’ৰ পৰা দেশৰ বহু জিলাত শিথিল কৰা হ’ব ল’ক ডাউন, জনালে গৃহ মন্ত্ৰণালয়ে

৪ মে’ৰ পৰা দেশৰ বহু জিলাত শিথিল কৰা হ’ব ল’ক ডাউন, জনালে গৃহ মন্ত্ৰণালয়ে

বুধবাৰে কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৈ জনালে যে, অহা ৩ মে’ৰ পিছতো প্ৰান্তে প্ৰান্তে অব্যাহত থাকিব ল’ক ডাউন। কিন্তু ঠাই বিশেষে কৰা হ’ব শিথিল।

  • Share this:
দেশত এতিয়া সৰ্বত্ৰ ল’ক ডাউন। ল’ক ডাউনৰ ফলত বৃহত্‍ ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। কিন্তু ল’ক ডাউনে কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাত লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কয় যে, ‘৩ মে’ পৰ্যন্ত সৰ্বত্ৰ ল’ক ডাউন চলি থাকিব। ল’ক ডাউন অমান্য কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

যোৱা ২৪ মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত প্ৰথমবাৰলৈ ল’ক ডাউন ঘোষণা কৰিছিল। পিছত ল’ক ডাউনৰ সীমা ৩ মে’ লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

টুইটাৰৰ জৰিয়তে গৃহ মন্ত্ৰণালয়ে জনাইছে যে, বৰ্তমান ল’ক ডাউনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে পৰ্যালোচনা চলাই আছে। ল’ক ডাউনৰ ফলত দেশত কোৰোণাৰ সংক্ৰমণো বহু পৰিমাণে হ্ৰাস পাইছে।

‘কোৰোণা ভাইৰাছৰ সন্দৰ্ভত অহা ৪ মে’ৰ পৰা নতুন গাইড লাইন বলৱত্‍ কৰা হ’ব। ইয়াত নিশ্চয়কৈ দেশৰ বহু জিলাত ল’ক ডাউন বহু ক্ষেত্ৰত শিথিল কৰাৰো সম্ভাৱনা আছে। সবিশেষ সময়ত সকলোৱে গম পাব।’টুইটযোগে এই মন্তব্য কৰে গৃহমন্ত্ৰণালয়ৰ এজন মুখপাত্ৰই।
Published by:Himangshu Bhuyan
First published: