• Home
  • »
  • News
  • »
  • nation
  • »
  • Indian Railway: ভাৰতীয় ৰে’লত আহিব নতুন যুগ! এই ৰে’লপথত দৌৰিব ৭৫খন হাইস্পীড বন্দে ভাৰত এক্সপ্ৰেছ

Indian Railway: ভাৰতীয় ৰে’লত আহিব নতুন যুগ! এই ৰে’লপথত দৌৰিব ৭৫খন হাইস্পীড বন্দে ভাৰত এক্সপ্ৰেছ

ৰে’লৰ এই বাণিজ্যিক ৰূপান্তৰে বিমান সংস্থাসমূহক চাপত পেলাব পাৰে বুলি বিষেশজ্ঞ সকলে ধাৰণা কৰিছে।

ৰে’লৰ এই বাণিজ্যিক ৰূপান্তৰে বিমান সংস্থাসমূহক চাপত পেলাব পাৰে বুলি বিষেশজ্ঞ সকলে ধাৰণা কৰিছে।

ৰে’লৰ এই বাণিজ্যিক ৰূপান্তৰে বিমান সংস্থাসমূহক চাপত পেলাব পাৰে বুলি বিষেশজ্ঞ সকলে ধাৰণা কৰিছে।

  • Share this:
উন্নতিৰ পথত ভাৰতীয় ৰে’ল। ২০২৩ চনৰ ভিতৰত ৭৫খনকৈ বন্দে ভাৰত এক্সপ্ৰেছ (Bands Bharat Express ) দেখা যাব ভাৰতীয় ৰে’লপথত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বছৰৰ স্বাধীনতা দিৱসৰ দিনা এই কথা প্ৰকাশ কৰিছিল। ৰাইজৰ আশা, কম খৰচত বিমানৰ দৰে সেৱা প্ৰদান কৰিব ‘বন্দে ভাৰত’ নামৰ নতুন ৰে’লখনে।

ৰে’লৰ এই বাণিজ্যিক ৰূপান্তৰে বিমান সংস্থাসমূহক চাপত পেলাব পাৰে বুলি বিষেশজ্ঞ সকলে ধাৰণা কৰিছে। এই হাইস্পীড ৰে’লসমূহক পৃথকে ডিজাইন কৰা হৈছে, যি বৰ্তমানে চলি থকা ৰেলগাড়ীসমূহত দেখা নাযায়। বন্দে ভাৰত ৰে’লৰ ডবাসমূহ সম্পূৰ্ণ শীত–তাপ নিয়ন্ত্ৰিত হোৱাৰ লগতে প্ৰিমিয়াৰ এয়াৰক্ৰাফটৰ নিচিনা বহাৰ ব্যৱস্থা। এই ৰে’লসমূহত ব্যয়বহুল কোচৰ লগতে থাকিব এচি ৩ টায়াৰ কোচৰ ব্যৱস্থা।

বন্দে ভাৰত ৰে’লসমূহক একেবাৰে নতুন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈ আছে। ইয়াৰ গতিবেগ ঘণ্টাত ১৬০ কিলোমিটাৰ হ’ব। ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ গতিবেগ ঘণ্টাত ১৮০ কিলোমিটাৰলৈ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে বুলি ৰে’লৱেৰ সূত্ৰৰ জানিব পৰা গৈছে। যাত্ৰীৰ সুবিধাৰ কথা চিন্তা কৰি তৈয়াৰ হৈ আছে এই ৰে’লসমূহ।

ৰে’লসমূহত ইউৰোপিয় ষ্টাইলৰ চিট, এক্সিকিউটিভ ক্লাচত থাকিব ৰোটেটিং চিট, থাকিব ডিফিউচড LED লাইটিং, প্ৰতি চিটত নিজস্ব লাইট, অটোমেটিক এন্ট্ৰি আৰু এক্সিট দুৱাৰ, ৰে’লৰ ভিতৰত ধুলি মুক্ত ব্যৱস্থা, মডুলাৰ বায়ো-ভেকুয়াম শৌচালয়, মিনি পেন্ট্ৰিৰ লগতে আন বহুতো ব্যৱস্থা।

এই বছৰতে প্ৰথম পৰ্যায়ত ৪৪খন বন্দে ভাৰত মডেলৰ ৰে’লৰ কোচ তৈয়াৰৰ নিবিদা লাভ কৰিছে মেধা ছাৰ্ভো ( Medha Servo) নামৰ ভাৰতীয় সংস্থাই। ২০২২ চনৰ ভিতৰত সেয়া নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।

বৰ্তমানে দুখনকৈ বন্দে ভাৰত ৰে’ল চলাচল আৰম্ভ হৈছে। দিল্লী- বেনাৰস আৰু দিল্লী- কাটৰা ৰে’লপথত ৰে’ল দুখন চলিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে উক্ত ৰে’ল দুখনে যাত্ৰীৰ মাজত জনপ্ৰিয়তা লভা কৰাৰ লগে লগে এই ৰে’লৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে বন্দে ভাৰত ৰে’লৰ ভাড়াৰ ক্ষেত্ৰত যাত্ৰীৰ সুবিধাৰ কথা চিন্তা কৰাৰ লগতে বিমানৰ ভাড়াৰ লগত তুলনা কৰি পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি ৰে’ল সূত্ৰৰ পৰা জানিব পৰা গৈছে। বৰ্তমানে উক্ত ৰে’লসমূহৰ ভাড়া অধিক হোৱাত সাধাৰণ যাত্ৰীৰ ক্ষেত্ৰত কিছু অসুবিধা  সৃষ্টি হোৱাৰ অভিযোগ সম্বন্ধে চিন্তা–চৰ্চা আৰম্ভ হৈছে।

ফিডবেক ইনফ্ৰা গ্ৰুপৰ বিনায়ক চেটাৰ্জীয়ে জনোৱা মতে , বিমান সেৱাক টক্কৰ দিবলৈ হ’লে ভাড়াৰ ক্ষেত্ৰত ৰে’লত নতুন ব্যৱস্থা কৰিব লাগিব। যিসকল যাত্ৰী ৬ ঘণ্টাৰ অধিক সময় বিমান যাত্ৰা কৰে তেওঁলোকৰ কথা চিন্তা কৰিব লাগিব। কাৰণ দীৰ্ঘ সময় বিমান যাত্ৰা কৰাটো বহু সময়ত সুখৰ নহয়। তেনেক্ষেত্ৰত যদি উক্ত যাত্ৰীসকলৰ কথা চিন্তা কৰি কম খৰচত এক-দুই ঘণ্টা বেছি সময় যাত্ৰা কৰিলে খুব বেছি অসুবিধা নহয়। তেনে যাত্ৰীসকলৰ প্ৰতি লক্ষ্য ৰাখি ডাঙৰ ডাঙৰ চহৰসমূহৰ লগতে ৰাজ্যৰ ৰাজধানীসমূহক এই প্ৰকল্পৰ লগত সংযুক্ত কৰা যায় তেনেহ’লে অদূৰ ভবিষ্যতে ভাৰতীয় ৰে’লত এক যুগান্তকাৰী পৰিৱৰ্তনৰ আশা কৰা যাব পাৰে।
Published by:Sanjay Kumar Das
First published: