• Home
  • »
  • News
  • »
  • nation
  • »
  • নতুন শিক্ষা নীতিৰ বিদেশী ভাষাৰ তালিকাৰ পৰা আঁতৰিল চীনা ভাষা

নতুন শিক্ষা নীতিৰ বিদেশী ভাষাৰ তালিকাৰ পৰা আঁতৰিল চীনা ভাষা

কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰাপ্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিদেশী ভাষাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ল – মাণ্ডাৰীণ আৰু কেন্ট’নিজ।

  • Share this:
কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন প্ৰাপ্ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিদেশী ভাষাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ল – মাণ্ডাৰীণ আৰু কেন্ট’নিজ। এই দুই চীনা ভাষা কস্তুৰী ৰংগনে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাত অন্তৰ্ভুক্তহৈ আছিল। কিন্তু কেবিনেটৰ অনুমোদন প্ৰাপ্ত চূড়ান্ত শিক্ষা নীতিৰ বিদেশী ভাষাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে এই দুই ভাষা ।

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰী সকলে ঐচ্ছিক বিষয় হিচাপে  বিদেশী ভাষা শিকাৰ সুবিধা প্ৰদান কৰিছে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ চনৰ সমগ্ৰ সন্নিবিষ্ট পুস্তিকাত উল্লেখ কৰা মতে– শিক্ষাৰ্থী সকলে বিশ্বৰ বিভিন্ন সংস্কৃতিত ভুমুকি মাৰিবলৈ আৰু বিশ্বজনীন জ্ঞান আৰু গতি-বিধিৰে নিজৰ প্ৰত্যাশা আৰু লক্ষ্য অনুযায়ী সমৃদ্ধ হ’বলৈ এই পদক্ষেপ লোৱা হৈছে ।

চীনা ভাষাক কৰ্তন কৰাৰ পাছত তালিকাত অন্তৰ্ভুক্ত হোৱা ভাষা সমূহ হৈছে – কোৰিয়ান, জাপানীজ, থাই, ফেন্স, জাৰ্মান, স্পেনিছ, পৰ্তুগীজ আৰু ৰাছিয়ান। এই ভাষা সমূহ তিনি ভাষাৰ পাঠ্যক্ৰমৰ ওপৰঞ্চি ঐচ্ছিক বিষয় হিচাপে ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰিব। চীনা ভাষা কৰ্তনৰ কাৰণ দৰ্শাই এই পৰ্যন্ত কোনো কোনো চৰকাৰী বিজ্ঞপ্তি জাৰি হোৱা নাই।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি