অহা সপ্তাহৰ পৰা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত আৰম্ভ হ’ব গতানুগতিক শুনানি। ন্যায়ধীশসকলে আদালত কক্ষৰ পৰা গ্ৰহণ কৰিব শুনানি। কিন্তু অধিবক্তাসকলে পিন্ধিব নোৱাৰিব ক’লা কোট বা গাউন। Covid-19 মহামাৰীৰ বিৰুদ্ধে যুজঁখন তীব্রতৰ কৰিবলৈ অভিনৱ পন্থা গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে।
বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰা এক জাননীত স্পষ্টকৈ লিখা আছে – ‘কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে হৈছে যে তেওঁলোকে অধিবক্তাসকলে বগা পোছাক পৰিধান কৰাটো যেন সুনিশ্চিত কৰে। অধিবক্তা সকলে বগা চাৰ্ট, বগা চেলোৱাৰ–কামিজ নতুবা বগা শাৰী পৰিধান কৰিব লাগিব। বগা পোছাকৰ লগত অধিবক্তাসকলে বগা বেণ্ডো পৰিধান কৰিব লাগিব।
![]()
এই নিয়ম অধবক্তাসকলে ন্যায়াধীশৰে পৰোক্ষভাৱে সংযুক্ত হ’বলৈও (Virtual Court System) মানি চলিব লাগিব। উচ্চতম ন্যায়ালয়ৰ সচিব প্ৰধান সঞ্জীৱ কালগাওকাৰৰ স্বাক্ষৰিত জাননীখনত এই নির্দেশ অতি শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|