ছাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল প্ৰেমিকাক, কেনেকৈ?

News18 Assam | News18-Assam
Updated:January 30, 2020, 11:16 AM IST
ছাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল প্ৰেমিকাক, কেনেকৈ?
CAA আৰু NRCক লৈ দিয়া এটা ভাষণৰ ভিডিঅ’ ভাইৰেল হৈছিল, য’ত ছাৰ্জিলে অসমক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল।

CAA আৰু NRCক লৈ দিয়া এটা ভাষণৰ ভিডিঅ’ ভাইৰেল হৈছিল, য’ত ছাৰ্জিলে অসমক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল।

  • Share this:
দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত JNUৰ ছাত্ৰ ছাৰ্জিল ইমামৰ গ্ৰেপ্তাৰক লৈ পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ সৈতে সম্পৰ্কিত সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰেমিকাক হেঁচা প্ৰদান কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ছাৰ্জিল ইমামক। ২৮ জানুৱাৰীত বিহাৰৰ জাহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ছাৰ্জিলক।

উল্লেখযোগ্য যে CAA আৰু NRCক লৈ দিয়া এটা ভাষণৰ ভিডিঅ’ ভাইৰেল হৈছিল, য’ত ছাৰ্জিলে অসমক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ লগতে কেইবাটাও ধাৰাত ৰুজু কৰা হৈছে গোচৰ।

আৰক্ষীৰ সূত্ৰ মতে, ছাৰ্জিলক গ্ৰেপ্তাৰ কৰাৰ দিনা দিল্লী ক্ৰাইম ব্ৰাঞ্চ আৰু বিহাৰ আৰক্ষীয়ে পুৱা ৪ বজাত ছাৰ্জিলৰ ভাতৃক আটক কৰিছিল। ভাতৃক সোধা–পোছা কৰাত ছাৰ্জিলৰ বন্ধু ইমৰাণৰ বিষয়ে জানিব পৰা গৈছিল। যেতিয়া ইমৰাণক আটক কৰা হ’ল তেতিয়া ছাৰ্জিলৰ প্ৰেমিকাৰ তথ্য লাভ কৰে ক্ৰাইম ব্ৰাঞ্চ আৰু আৰক্ষীয়ে। ইয়াৰ পিছত আৰক্ষীয়ে কৌশলেৰে ছাৰ্জিলৰ প্ৰেমিকাক হেঁচা দি ছাৰ্জিলক মালিক টোলালৈ মাতিবলৈ কয়। যেতিয়া ছাৰ্জিলে প্ৰেমিকাক লগ কৰিবলৈ বন্ধৰ ঘৰলৈ আহিছিল, সেই সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক।
আৰু চাওক
পৰৱৰ্তী বাতৰি