உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • পুৰণি মন্দিৰ ভাঙি দিল্লীৰ জামা মছজিদ নিৰ্মাণ কৰা হৈছিল নেকি? জৰীপ চলোৱাৰ দাবীৰে আদালতৰ কাষ চাপিব হিন্দু সংগঠন

    পুৰণি মন্দিৰ ভাঙি দিল্লীৰ জামা মছজিদ নিৰ্মাণ কৰা হৈছিল নেকি? জৰীপ চলোৱাৰ দাবীৰে আদালতৰ কাষ চাপিব হিন্দু সংগঠন

    উল্লেখ্য যে, ইতিহাস প্ৰষিদ্ধ দিল্লীৰ জামা মছজিদ মোগল বাদশ্বাহ শ্বাহজাহনে নিৰ্মাণ কৰিছিল।

    উল্লেখ্য যে, ইতিহাস প্ৰষিদ্ধ দিল্লীৰ জামা মছজিদ মোগল বাদশ্বাহ শ্বাহজাহনে নিৰ্মাণ কৰিছিল।

    উল্লেখ্য যে, ইতিহাস প্ৰষিদ্ধ দিল্লীৰ জামা মছজিদ মোগল বাদশ্বাহ শ্বাহজাহনে নিৰ্মাণ কৰিছিল।

    • Share this:
    হিন্দু মহাসভা আৰু ইউনাইটেড হিন্দু ফ্ৰণ্টকে ধৰি আন কিছুমান হিন্দু সংগঠনে দাবী কৰিছে যে, মন্দিৰৰ ভূমিত নিৰ্মাণ কৰা হৈছিল দিল্লীৰ পুৰণি জামা মছজিদ। কেৱল এয়াই নহয়, জ্ঞানৱাপীৰ দৰে হিন্দু সংগঠনেও জামা মছজিদৰ জৰীপৰ দাবীত আদালতলৈ যোৱাৰ প্ৰস্তুতি চলাইছে।

    তেওঁলোকৰ দাবীৰ সমৰ্থনত অখিল ভাৰতীয় হিন্দু মহাসভাৰ দ্বিতীয় গোটৰ সভাপতি চক্ৰপাণি মহাৰাজে কয় যে, ঔৰঙ্গজেবে দিল্লীৰ জামা মছজিদৰ তলত কেইবা হাজাৰ দেৱ-দেৱীৰ মূৰ্তি হেঁচা দি মছজিদ নিৰ্মাণ কৰিছিল। উল্লেখ্য যে, ইতিহাস প্ৰষিদ্ধ দিল্লীৰ জামা মছজিদ মোগল বাদশ্বাহ শ্বাহজাহনে নিৰ্মাণ কৰিছিল।

    চক্ৰপাণি মহাৰাজে আনকি কৈছে যে তেওঁ এই বিষয়টোৰ সন্দৰ্ভত আদালতৰ কাষ চাপিব। একেদৰে, ইউনাইটেড হিন্দু ফ্ৰণ্ট ইণ্টাৰনেচনেলৰ কাৰ্যকৰী সভাপতি জয় ভগৱান গোৱেলে দাবী কৰিছে যে, মছজিদৰ তলত প্ৰথম মন্দিৰ আছিল। মছজিদ নিৰ্মাণৰ সময়ত দেৱতাৰ মূৰ্তিবোৰ দমন কৰা হৈছে। ইয়াক জৰীপ কৰিব লাগে।

    উল্লেখনীয় যে জামা মছজিদ দেশৰ ৰাজধানী দিল্লীত অৱস্থিত এটা বিখ্যাত মছজিদ। ১৬৫৬ চনত এই মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি কোৱা হয়। এই মছজিদখন ৰঙা শিল আৰু মাৰ্বলৰে নিৰ্মিত। লালকিল্লাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত অৱস্থিত, জামা মছজিদ হৈছে দেশৰ সৰ্ববৃহৎ মছজিদ। এই মছজিদৰ নিৰ্মাণ ১৬৫০ চনত শ্বাহজাহানে আৰম্ভ কৰিছিল। কোৱা হয় যে এই মছজিদখন নিৰ্মাণ কৰিবলৈ ৬ বছৰ লাগিছিল আৰু সেই সময়ত ইয়াক নিৰ্মাণ কৰিবলৈ ১০ লাখ টকা লাগিছিল। বৰ্তমান, এই পৰিমাণ কোটি টকাৰ সমপৰ্যায়ৰ।
    Published by:Himangshu Bhuyan
    First published: