১ জানুৱাৰী ২০২০ৰ পৰা সলনি হ’ল এই ১০টা নিয়ম, সৰ্বসাধাৰণৰ ওপৰত হ’ব প্ৰত্যক্ষ প্ৰভাৱ

News18 Assam | News18-Assam
Updated:January 1, 2020, 9:38 AM IST
১ জানুৱাৰী ২০২০ৰ পৰা সলনি হ’ল এই ১০টা নিয়ম, সৰ্বসাধাৰণৰ ওপৰত হ’ব প্ৰত্যক্ষ প্ৰভাৱ
নতুন বছৰৰ শুভাৰম্ভনিৰ লগে  লগে সাধাৰণ মানুহৰ পকেটত প্ৰভাৱ পৰা বহুকেইটা নিয়ম বলৱৎ হৈছে। ১জানুৱাৰী, ২০২০ৰ পৰা আপুনি এনইএফটিৰ জৰিয়তে লেন–দেনৰ শুল্ক দিব নালাগে। সেইদৰে আজিৰ পৰা কেৱল চিপ থকা ডেবিট কাৰ্ডেহে কাম কৰিব।

নতুন বছৰৰ শুভাৰম্ভনিৰ লগে  লগে সাধাৰণ মানুহৰ পকেটত প্ৰভাৱ পৰা বহুকেইটা নিয়ম বলৱৎ হৈছে। ১জানুৱাৰী, ২০২০ৰ পৰা আপুনি এনইএফটিৰ জৰিয়তে লেন–দেনৰ শুল্ক দিব নালাগে। সেইদৰে আজিৰ পৰা কেৱল চিপ থকা ডেবিট কাৰ্ডেহে কাম কৰিব।

  • Share this:
আজিৰে পৰা ১জানুৱাৰী ২০২০ৰ পৰা বহুকেইটা পৰিৱৰ্তন হৈছে।

আজিৰ দিনটোৰ পৰা হোৱা ১০টা ডাঙৰ পৰিৱৰ্তন জানো আহক।

১) ATM কাৰ্ডঃ ১জানুৱাৰীৰ পৰা চিপ থকা এটিএম কাৰ্ডহে চলিব। SBI-এ আজিৰে পৰা একমাত্ৰ EMV চিপ থকা ডেবিট কাৰ্ডহে গ্ৰহণ কৰিব। পুৰণি মেগনেটিক এটিএম–ডেবিট কাৰ্ড সলনি কৰাৰ অন্তিম তাৰিখ ৩১ডিচেম্বৰ, ২০১৯ আছিল।

২) NEFTৰ অনলাইন ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত আজিৰে পৰা কোনো শুল্ক দিব নালাগে। লগতে সপ্তাহৰ সাতোটা দিনতে ২৪ঘণ্টাই এতিয়াৰ পৰা NEFT কৰিব পৰা যাব।

৩) PF এতিয়াৰ পৰা চাকৰিয়ালৰ কাৰণে সহজ হৈ পৰিছে। ১জানুৱাৰীৰ পৰা পিএফৰ সৈতে জৰিত বহুকেইটা নিয়ম সহজ হৈ পৰিছে। নতুন নিয়মৰ অধীনত ১০জন কৰ্মচাৰী থকা কোম্পানীও পিএফৰ আওতাত আহিব। কৰ্মচাৰীয়ে নিজে পিএফৰ অংশদান নিৰ্ণয় কৰিব পাৰিব। পেন্সন ফাণ্ডৰ পৰা গোটা অংশ উলিওৱা সহজ হ’ব।

৪) ঋণঃ ৰেপ’ ৰেটৰ সৈতে জৰিত ঋণ ০.২৫শতাংশ সস্তা হ’ব।

SBI-এ ৰেপ’ ৰেটৰ সৈতে জৰিত ঋণৰ সুত ০.২৫শতাংশলৈ হ্ৰাস কৰিছে। নতুন হাৰৰ লাভ পুৰণি গ্ৰাহকে আজিৰে পৰা পাব।

৫) গহণাৰ হ’লমাৰ্ক আজিৰে পৰা অনিবাৰ্য হ’ল। সোণ–ৰূপৰ গহণা ক্ৰয় কৰাৰ ক্ষেত্ৰত হ’লমাৰ্ক আজিৰে পৰা চহৰাঞ্চলত অনিবাৰ্য। অৱশ্যে গ্ৰাম্য অঞ্চলত এই ব্যৱস্থা বলৱৎ কৰাৰ ক্ষেত্ৰত ১বছৰলৈ ৰেহাই দিয়া হৈছে।

৬) ৰুপেঃ UPIত এতিয়াৰ পৰা কোনো চাৰ্জ দিব নালাগে। ৰুপে কাৰ্ড আৰু ইউপিআইৰ লেন–দেনত কোনো ধৰণৰ মাৰ্চেণ্ট ডিচকাউণ্ট ৰেট শুল্ক দিব নালাগে। যদি কোনো ব্যৱসায়ৰ টাৰ্ণ অভাৰ ৫০কোটিৰ অধিক তেনেহ’লে সেই ব্যৱসায়ত যিকোনো প্ৰকাৰে এই দুই ডিজিটেল পেমেণ্টৰ বিকল্প ৰাখিব লাগিব। এই দুইবিধ পেমেণ্টত গ্ৰাহকৰ পৰা কোনো এমডিআৰ শুল্ক ল’ব নোৱাৰিব।

৭) পেন আৰু আধাৰৰ লিংক কৰাৰ অন্তিম তাৰিখ বৃদ্ধি

চেণ্ট্ৰেল বৰ্ড অৱ ডায়ৰেক্ট টেক্সেজে আধাৰ আৰু পেন লিংক কৰাৰ অন্তিম তাৰিখ ৩১মাৰ্চ, ২০২০লৈ বৃদ্ধি কৰিছে। আপোনাৰ হাতত আৰু তিনিমাহ সময় আছে এই কাম কৰাৰ।

৮) বীমা পলিচীঃ জীৱন বীমাৰ প্ৰীমিয়াম আজিৰে পৰা মহঙা হ’ব। IRDAI–এ চেঞ্জ লিংকড আৰু নন লিংকড জীৱন বীমা পলিচীৰ সালসলনিৰ ঘোষণা কৰিছে। ইয়াৰ দ্বাৰা প্ৰীমিয়াম মহঙা হ’ব। সেইদৰে এলআইচিয়ে ক্ৰেডিট কাৰ্ডৰ দ্বাৰা টকা আদায় দিয়াৰ চাৰ্জ শেষ কৰাৰ কথা ঘোষণা কৰিছে।

৯) ATMৰ পৰা টকা উলিওৱাৰ ক্ষেত্ৰত অটিপি জৰুৰী।

ষ্টেট বেংক অৱ ইণ্ডিয়াই টকা উলিওৱাৰ ক্ষেত্ৰত এই বৃহৎ পৰিৱৰ্তন কৰিছে। দেশৰ সৰ্ববৃহৎ বেংকটোৱে গ্ৰাহকক এতিয়া নিশাৰ সময়ত টকা উলিওৱাৰ ক্ষেত্ৰত একাউণ্টৰ সৈতে জৰিত ম’বাইল নম্বৰ লগত ৰখাটো বাধ্যতামূলক কৰিছে। বেংকে নিশা ৮বজাৰ পৰা পুৱা ৮বজালৈকে এটিএমৰ পৰা ১০হাজাৰ টকাৰ অধিক ধন উলিওৱাৰ ক্ষেত্ৰত অটিপি ব্যৱস্থা বাধ্যতামূলক কৰিছে।

১০) ফাষ্টেগঃ ১৫জানুৱাৰীৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা গাড়ীত ফাষ্টেগ বাধ্যতামূলক হ’ব। অসমৰ ক্ষেত্ৰত টোল গেট ব্যৱস্থা আৰম্ভ হোৱা নাই যদিও মেঘালয়লৈ যাবলৈ আপুনি এতিয়া গাড়ীত ফাষ্টেগ নোহোৱাকৈ যাব নোৱাৰিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি