'ফণী' ঘূৰ্ণীবতাহ অহাৰ দিনা জন্ম হোৱাৰ বাবে কন্যাসন্তানৰ নাম ৰাখিলে ফণী

ভুৱনেশ্বৰৰ ৰে’লৱেৰ হাস্পতালত জন্ম 'ফণী'ৰ।

news18assam
Updated:May 3, 2019, 11:49 PM IST
'ফণী' ঘূৰ্ণীবতাহ অহাৰ দিনা জন্ম হোৱাৰ বাবে কন্যাসন্তানৰ নাম ৰাখিলে ফণী
ভুৱনেশ্বৰৰ ৰে’লৱেৰ হাস্পতালত জন্ম 'ফণী'ৰ।
news18assam
Updated: May 3, 2019, 11:49 PM IST
এজনী কণমানি পৰী। পৃথিৱীলৈ অহাৰ দিনাই এক প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি আছিল তাইৰ ৰাজ্যখনৰ লাখ লাখ বাসিন্দা। সমগ্ৰ দেশ উদ্বিগ্ন হৈ থকাৰ সময়তে কণমানিজনী ভূমিষ্ঠ হ’ল আৰু পিতৃ–মাতৃয়ে তাইৰ নাম ৰাখি দিলে সেই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ নামেৰে। হয় কণমানিজনীৰ নাম ৰখা হ’ল ফণী। ভুৱনেশ্বৰৰ ৰে’লৱে হাস্পতালত দিনৰ প্ৰায় ১১ বাজি তিনি মিনিটত জন্ম হোৱা 'ফণী'ৰ মাতৃ ৰে’লৱেৰ কৰ্মচাৰী আৰু তেওঁ ডবা মেৰামতি কৰা বিভাগৰ সহায়ক। ৩২বছৰীয়া মাতৃগৰাকী সন্তানৰ সৈতে বৰ্তমান সুস্থ অৱস্থাত আছে।

উল্লেখযোগ্য যে ঘূৰ্ণীবতাহ 'ফণী'ৰ বাবে ৰাজ্যখনৰ ৰে’ল আৰু বিমান চলাচল ব্যাহত হৈ আছে। ছজন লোকৰ প্ৰাণ যোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হৈছে। ইয়াৰ মাজতে ৰে’লৱেৰ হাস্পতালত ঘূৰ্ণীবতাহ ফণীৰ নামেৰে নৱজাতক সন্তানৰ নামাকৰণ কৰা ঘটনা চৰ্চিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি