কেতিয়াও কোনো আঞ্চলিক ভাষাৰ ওপৰত হিন্দী জাপি দিয়াৰ কথা কোৱা নাই : অমিত শ্বাহ

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ তথা ৰাজনীতিৰ পথাৰত খোজ দিয়া ৰজনীকান্তেও চৰকাৰৰ ‘এক ৰাষ্ট্ৰ এক ভাষা’ৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।

News18-Assam
Updated:September 19, 2019, 7:19 AM IST
কেতিয়াও কোনো আঞ্চলিক ভাষাৰ ওপৰত হিন্দী জাপি দিয়াৰ কথা কোৱা নাই : অমিত শ্বাহ
দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ তথা ৰাজনীতিৰ পথাৰত খোজ দিয়া ৰজনীকান্তেও চৰকাৰৰ ‘এক ৰাষ্ট্ৰ এক ভাষা’ৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে।
News18-Assam
Updated: September 19, 2019, 7:19 AM IST
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কৰা ‘এক দেশ এক ভাষা’ মন্তব্যক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ কেতিয়াও আঞ্চলিক ভাষাৰ ওপৰত হিন্দী ভাষা জাপি দিয়াৰ কথা কোৱা নাই। আচলতে গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী দিৱসত কৈছিল যে ভাৰত বিভিন্ন ভাষা–ভাষীৰ দেশ আৰু প্ৰতিটো ভাষাৰে নিজৰ মহত্ব আছে। কিন্তু সম্পূৰ্ণ দেশৰ এটা ভাষা হোৱাটো অত্যন্ত প্ৰয়োজন, যিটো বিশ্বত ভাৰতৰ চিনাকি হ’ব। আজি দেশক একতাৰ ডোলেৰে বন্ধাৰ কাম যদি কোনো ভাষাই কৰিব পাৰে তেন্তে সেয়া সৰ্বাধিক প্ৰচলিত ভাষা হিন্দী।

অমিত শ্বাহে কয় – মই কেতিয়াও হিন্দী ভাষাক আঞ্চলিক ভাষাৰ ওপৰত জাপি দিয়াৰ কথা কোৱা নাই। মই কেৱল হিন্দীক দ্বিতীয় ভাষা হিচাপে পঢ়াৰ কথা কৈছিলো। মই নিজে এখন অনা–হিন্দীভাষী ৰাজ্য গুজৰাটৰ বাসিন্দা। কিন্তু যদি কোনো লোকে ইয়াক লৈ ৰাজনীতি কৰিব বিচাৰে তেন্তে কেয়া তেওঁলোকৰ ইচ্ছাৰ কথা।

উল্লেখযোগ্য যে অমিত শ্বাহৰ মন্তব্যৰ পিছত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডুৰাপ্পাই কৈছিল যে আমাৰ দেশত সকলো স্বীকৃত ভাষাই সমান মৰ্যাদাৰ। আমি কেতিয়াও ইয়াৰ মহত্বক লৈ আপোচ নকৰো।

ইফালে, দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ তথা ৰাজনীতিৰ পথাৰত খোজ দিয়া ৰজনীকান্তেও চৰকাৰৰ ‘এক ৰাষ্ট্ৰ এক ভাষা’ৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছে। ৰজনীকান্তে কয় যে এক ভাষা দেশৰ বাবে ভাল কথা হ’ব পাৰে, কিন্তু ভাৰতৰ দৰে বহুভাষিক ৰাষ্ট্ৰ এখনত এয়া কাৰ্যকৰী কৰা অসম্ভৱ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি