#IndiaGives: কোৰোণা সংকটে কোঙা কৰা দৰিদ্ৰসকলক সহায় কৰক, প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ নেটৱৰ্ক18ৰ সাংবাদিক আৰু কৰ্মচাৰীয়ে আগবঢ়াইছে এদিনৰ দৰমহা

News18 Assam | News18-Assam
Updated:March 24, 2020, 5:24 PM IST
#IndiaGives: কোৰোণা সংকটে কোঙা কৰা দৰিদ্ৰসকলক সহায় কৰক, প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ নেটৱৰ্ক18ৰ সাংবাদিক আৰু কৰ্মচাৰীয়ে আগবঢ়াইছে এদিনৰ দৰমহা
দেশৰ সৰ্ববৃহৎ মিডিয়া গোটে আৰম্ভ কৰিছে এক বিশেষ উদ্যোগ।

দেশৰ সৰ্ববৃহৎ মিডিয়া গোটে আৰম্ভ কৰিছে এক বিশেষ উদ্যোগ।

  • Share this:
দেশৰ কাৰণে এই সময়চোৱা যথেষ্ট কঠিন আৰু এই সময়চোৱা হৈছে দেশ হিচাপে যুঁজাৰ কাৰণে আমি সকলো একলগ হোৱাৰ সময়। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ সময়তো চিকিৎসক, আৰক্ষী সহ যিসকলে নিৰ্ভীক হৈ সেৱা আগবঢ়াই আছে তেওঁলোকক আমাৰ চ্যেলুট। এই সংকটৰ কালচোৱাতো আপোনাক শুদ্ধ আৰু জৰুৰী তথ্য দিবলৈ আমি নেটৱৰ্ক18 পৰিয়াল সদা সচেষ্ট।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ এই সময়চোৱাত দেশৰ সংবাদমাধ্যমে লোৱা ভূমিকাক প্ৰশংসা কৰে।

আমি  সকলোৱে জানো যে কোৰোণাৰ কাৰণে লকডাউনৰ পৰিস্থিতিত দিন হাজিৰা কৰি খোৱা লোকসকলে ভয়ংকৰ আপদৰ সন্মুখীন হৈছে। ‘ছচিয়েল ডিচটেন্সিং’ৰ কাৰণে সমগ্ৰ দেশ লকডাউন হোৱাৰ কাৰণে এই দৰিদ্ৰ লোকসকলৰ উপাৰ্জনৰ বাট মুদা মৰিছে। আমি এই সময়চোৱাত আপোনাৰ কাষ চাপিছো যাতে দেশৰ সৰ্ববৃহৎ আৰু শীৰ্ষ স্থানীয় মিডিয়া গোট হিচাপে আমি তেওঁলোকক কিছু সহায় আগবঢ়াব পাৰো।

আমিও স্বেচ্ছামূলকভাৱে Network 18ৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা এদিনৰ দৰমহা স্বেচ্ছামূলকভাৱে তেওঁলোকক সহায় কৰিবলৈ আগবঢ়াইছো। আমি আৰম্ভ কৰিছো #IndiaGives নামৰ এক বিশেষ অভিযান য’ত আপুনিও নিজৰ সাধ্যানুসাৰে এইসকল লোকৰ কাৰণে কিছু সাহাৰ্য অনলাইনত আগবঢ়াব পাৰে।




ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ https://pmnrf.gov.in/en/online-donation লিংকত বৰঙণি যোগাব পাৰে। আমাক আপোনাৰ সাহাৰ্যৰ কথা জনাওক আমি আপোনাক উচিত সন্মান আৰু কৃতজ্ঞতা জনাম।

আৰু চাওক
পৰৱৰ্তী বাতৰি