Sanjeevani- A Shot of Life : Network18 আৰু ফেডাৰেল বেংকৰ এক উদ্যোগ, লক্ষ্য কোভিড–১৯ ভেকচিনৰ প্ৰতি সজাগতা সৃষ্টি

News18 Assam | News18-Assam
Updated:April 7, 2021, 1:02 PM IST
Sanjeevani- A Shot of Life : Network18 আৰু ফেডাৰেল বেংকৰ এক উদ্যোগ, লক্ষ্য কোভিড–১৯ ভেকচিনৰ প্ৰতি সজাগতা সৃষ্টি
এই অভিযানৰ মহৎ পদক্ষেপটো হৈছে দেশৰ লোকসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে মাত মতা, কিয়নো যদিহে প্ৰতিগৰাকী লোক সুৰক্ষিত নহয়, তেন্তে কোনো সুৰক্ষিত হৈ নাথাকিব।

এই অভিযানৰ মহৎ পদক্ষেপটো হৈছে দেশৰ লোকসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে মাত মতা, কিয়নো যদিহে প্ৰতিগৰাকী লোক সুৰক্ষিত নহয়, তেন্তে কোনো সুৰক্ষিত হৈ নাথাকিব।

  • Share this:
নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকে বুধবাৰে কোভিড-১৯ টিকাকৰণ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিলে Sanjeevani- A Shot of Life অভিযানৰ৷

বিশ্ব স্বাস্থ্য দিৱসৰ এই দিনটোতে BSFৰ পৰিচালন সঞ্চালক ৰাকেশ আস্থানা আৰু মানৱ দৰদী অভিনেতা ছনু সুদৰ উপস্থিতিত আৰম্ভ কৰা হয় Sanjeevani অভিযানৰ। পঞ্জাৱৰ আটাৰী সীমান্তত জোৱানসকলৰ এক চেল্যুৱেচন অনুষ্ঠানৰ মাজতে আৰম্ভ কৰা হয় এই অভিযানৰ।

আজিৰ এই বিশেষ অনুষ্ঠানতে নিজেই কোভিড টীকা গ্ৰহণ কৰা অভিনেতা ছনু সুদে কয়, “মোৰ আজি সেই সময়(বিগত বছৰ)ৰ কথা মনত আছে, যেতিয়া প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল। আমি কেৱল তেওঁলোকক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু আমি কোভিদৰ বিৰুদ্ধে ভেকচিন লাভ কৰিছো, তেনেস্থলত যিয়ে আমাৰ কথা শুনি আছে সকলোকে আহ্বান জনাইছো কোভিড ভেকচিন লোৱাটো অতি গুৰুত্বপূৰ্ণ।"

ছনু সুদে লগতে কয়," পৰিয়াল, মানুহ আৰু দেশবাসীক সুৰক্ষিত ৰাখিবলৈ কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ গ্ৰহণ কৰিব লাগিব আমি।"

ইপিনে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আৰম্ভ কৰা এই অভিযানৰ উদ্দেশ্য হৈছে কোভিড–১৯ৰ বিৰুদ্ধে টিকাকৰণৰ কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে সজাগতা সৃষ্টি আৰু বৃদ্ধি কৰা৷ আটাৰী সীমান্তৰ এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ফেডাৰেল বেংকৰ পৰিচালন সঞ্চালক আৰু চিইঅ' শ্যাম শ্ৰীনিবাসনো।

Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান৷ ইয়াৰ দ্বাৰা কোভিড–১৯ টিকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ যোৱা। যাতে সকলোৱে টিকা লাভ কৰিব পাৰে আৰু এই বিষয়ে অৱগত হয়৷

আনহাতে BSFৰ পৰিচালন সঞ্চালক ৰাকেশ আস্থানায়ো অনুষ্ঠানত ভেকচিন সন্দৰ্ভত কয় এনেদৰে, “এজন নেতা হিচাপে আমি সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। প্ৰতিজন জোৱানে ভেকচিন গ্ৰহণ কৰিছে। মই ক’ব দিব বিচাৰো যে ৰাষ্ট্ৰৰ শত্ৰুৰ সৈতে যুঁজ দিয়াৰ পূৰ্বে আমাৰ স্বাস্থ্যৰ শত্ৰুৰ সৈতে যুঁজ দিয়াটো অধিক প্ৰয়োজন৷”

আস্থানাই লগতে কয় যে তেওঁৰ দল ইতিমধ্যেই টিকাকৰণৰ বিষয়ে অৱগত। সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত ভেকচিনক লৈ কোনো দ্বিধা নাই৷

জোৱানসকলৰ অভিবাদন অনুষ্ঠানৰ মাজতে পঞ্জাবৰ অমৃতসৰৰ ঐতিহাসিক আটাৰী সীমান্তৰ পৰা “Sanjeevani” টিকাকৰণ অভিযান আৰম্ভ হৈছিল আৰু 'Sanjeevani Gaadi'য়ে ৫খন ৰাজ্যত কোভিড-১৯ ভেকচিনৰ বিষয়ে তথ্য প্ৰচাৰ কৰিব৷ প্ৰথমে পঞ্জাবৰ অমৃতসৰৰ পৰা এই অভিযান আৰম্ভ কৰি তাৰ পিছত ইন্দোৰ, নাছিক, গুন্টুৰ আৰু দক্ষিণ কানাড্ডাক সামৰি লোৱা হ’ব।

দেশত কোভিড টিকাকৰণৰ তৃতীয় পৰ্যায় আৰম্ভ হোৱাৰ লগে লগে ৪৫ বছৰৰ ঊৰ্ধ্বৰ লোকসকলে যাতে মুক্তভাৱে ভেকচিন লাভ কৰিব পাৰে,তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। চৰকাৰে ক্ৰমান্বয়ে অন্যান্য বয়সৰ গোটৰ হিতাধিকাৰীসকলকো কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ পৰিকল্পনা কৰিছে৷ যাক বিশ্বৰ আটাইতকৈ ডাঙৰ টীকাকৰণ অভিযান বুলি জনা যায়।

এই উদ্যোগটোৱে বেচৰকাৰী সংগঠন, চৰকাৰী সংস্থা আৰু প্ৰভাৱশালীসকলৰ সৈতে সহযোগিতাৰে ভেকচিন সম্পৰ্কে চৌদিশে তথ্য প্ৰচাৰ কৰিব আৰু আটাইতকৈ বঞ্চিত আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ভাৰতীয়সকলক ভেকচিন উপহাৰ দিবলৈ দাতাসকলক তালিকাভুক্ত কৰিব।

এই অভিযানৰ মহৎ পদক্ষেপটো হৈছে দেশৰ লোকসকলৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে মাত মতা, কিয়নো যদিহে প্ৰতিগৰাকী লোক সুৰক্ষিত নহয়, তেন্তে কোনো সুৰক্ষিত হৈ নাথাকিব।

উল্লেখ্য যে এই অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধন, পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং, এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়া, চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালা, নাৰায়ণ স্বাস্থ্যৰ অধ্যক্ষ দেৱী চেট্টী, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, পঞ্জাবৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু, সীমান্ত সুৰক্ষা বাহিনী (BSF) সঞ্জয় জি গুপ্তা আৰু চিএনএনৰ মুখ্য চিকিৎসা সংবাদদাতা ড০ ৰাকেশ গুপ্তাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
Published by: Sanjay Kumar Das
First published: April 7, 2021, 1:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি