Milkha Singh and Bharat Ratna : মৃত্যুৰ পাছত দেশজুৰি মিলখা সিঙক 'ভাৰত ৰত্ন' প্ৰদানৰ দাবী। আজিলৈ ভাৰতৰত্ন নিদিয়াত ছচিয়েল মিডিয়াত ক্ষোভৰ বন্যা।

News18 Assam | News18-Assam
Updated:June 19, 2021, 11:04 AM IST
Milkha Singh and Bharat Ratna : মৃত্যুৰ পাছত দেশজুৰি মিলখা সিঙক 'ভাৰত ৰত্ন' প্ৰদানৰ দাবী। আজিলৈ ভাৰতৰত্ন নিদিয়াত ছচিয়েল মিডিয়াত ক্ষোভৰ বন্যা।
এবাৰ মিলখা সিঙে কৈছিল, "এই পদকবোৰ দেখুৱাই যহ মাৰিবলৈ নহয়; মই জীৱন যি অনুভৱেৰে পাৰ কৰিছোঁ সেইবোৰৰ সন্মুখত ভাৰত ৰত্ন(Bharat Ratna)ৰ দৰে সন্মানৰ মহত্ব নাই।"

এবাৰ মিলখা সিঙে কৈছিল, "এই পদকবোৰ দেখুৱাই যহ মাৰিবলৈ নহয়; মই জীৱন যি অনুভৱেৰে পাৰ কৰিছোঁ সেইবোৰৰ সন্মুখত ভাৰত ৰত্ন(Bharat Ratna)ৰ দৰে সন্মানৰ মহত্ব নাই।"

  • Share this:
মহান ক্ৰীড়াবিদ মিলখা সিঙ (Milkha Singh)ৰ মৃত্যৱে শোকাহত কৰি তুলিছে সমগ্ৰ দেশবাসীক। ৯১ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা মিলখা সিঙে দেশক যিমান দিলে তাৰ বিনিময়ত দেশে কি দিলে মিলখা সিঙক। মৃত্যুৰ বাতৰিৰ পাছত যেন সকলোৱে উপলব্ধি কৰিছে মিলখা সিং ক'ৰবাত নহয় ক'ৰবাত প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হ'ল নেকি? সেয়ে মৃত্যুৰ পিছ মুহূৰ্তৰ পৰাই মিলখা সিঙক 'ভাৰত ৰত্ন' (Bharat Ratna) সন্মানেৰে সন্মানিত কৰিব লাগে বুলি চৰ্চিত হৈছে চৌদিশে।

ছচিয়েল মিডিয়াত হাজাৰ হাজাৰ লোকে ভাৰত চৰকাৰক আহ্বান জনাইছে মৰণোত্তৰভাৱে মিলখা সিঙক 'ভাৰত ৰত্ন' প্ৰদান কৰিবলৈ।









কিন্তু একাংশই জীয়াই থাকোতেই এই সন্মান নিদিয়া বাবে মৰণোত্তৰভাৱে 'ভাৰত ৰত্ন' দিয়াটো বিচৰা নাই, কাৰণ তেওঁ বহু আগতেই এই সন্মান পাব লাগিছিল বুলি মন্তব্য কৰিছে।



উল্লেখ্য যে এইগৰাকী যুগদ্ৰষ্টা খেলুৱৈক ১৯৫৯ চনত 'পদ্মশ্ৰী' (Padmashri Award) সন্মান প্ৰদান কৰাৰ পাছত আৰু কোনো উল্লেখনীয় সন্মান যঁচা নাছিল ভাৰত চৰকাৰে। সুদীৰ্ঘ ৪০ বছৰ পাছত ২০০১ চনত অৰ্জূন  বঁটা আগবঢ়োৱা হৈছিল মিলখা সিঙক। কিন্তু ইমান দেৰিকৈ দিয়াৰ বাবে সেই বঁটা বিনয়েৰে প্ৰত্যাখ্যান কৰিছিল মিলখা সিঙে।

মিলখা সিঙে নিজৰ পদকবোৰ দেখুৱাই নুফুৰিছিল। এবাৰ মিলখা সিঙে কৈছিল, "এই পদকবোৰ দেখুৱাই যহ মাৰিবলৈ নহয়; মই জীৱন যি অনুভৱেৰে পাৰ কৰিছোঁ সেইবোৰৰ সন্মুখত ভাৰত ৰত্নৰ দৰে সন্মানৰ মহত্ব নাই।"

এছিয়ান গেমছত ৪টা আৰু কমনৱেল্থ গেমছত ১টা মুঠ ৫টা সোণৰ পদক জয় কৰিছিল মিলখা সিঙে। সন্মুখত টকিঅ' অলিম্পিক আছে। ভাৰতীয় বহু তাৰকা খেলুৱৈ এইবাৰ পদক জয়ৰ সম্ভাৱনা লৈ ওলাইছে অলিম্পিকলৈ। দেশত ক্ৰীড়াৰ ক্ষেত্ৰতো আহিছএ নতুন জাগৰণ। এনে সময়তে মিলখা সিঙক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰাটো উপযুক্ত সময় হ'ব পাৰে।
Published by: Manjumoni Borah
First published: June 19, 2021, 10:57 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি