ষ্টাইল মৰা বাদ দিয়ক, দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ পিছতে বিৰাট–অনুষ্কাক কিয় ইমান সমালোচনা!

News18 Assam | News18-Assam
Updated:November 15, 2020, 10:46 AM IST
ষ্টাইল মৰা বাদ দিয়ক, দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ পিছতে বিৰাট–অনুষ্কাক কিয় ইমান সমালোচনা!
বিৰাট কোহলীয়ে এটা ভিডিঅ’ বাৰ্তাত সকলোকে দিৱালী শুভেচ্ছা জনাইছে। লগতে আতচবাজিবিহীন দিৱালী পালনৰ আহ্বান জনাইছিল।

বিৰাট কোহলীয়ে এটা ভিডিঅ’ বাৰ্তাত সকলোকে দিৱালী শুভেচ্ছা জনাইছে। লগতে আতচবাজিবিহীন দিৱালী পালনৰ আহ্বান জনাইছিল।

  • News18 Assam
  • Last Updated: November 15, 2020, 10:46 AM IST
  • Share this:
দীপাৱলী পোহৰৰ উৎসৱ। আনন্দৰ এই বিশেষ দিনটোত সকলোৱে সকলোকে শুভেচ্ছা জনায়। সাধাৰণ লোকৰ পৰা চেলিব্ৰেটীলৈ সকলোৱে এই বিশেষ দিনটোত নিজৰ লগতে নিজৰ ঘৰখন সজাই তোলে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা সাধাৰণতে ছচিয়েল মিডিয়াত সদাই সক্ৰিয়। তেওঁলোকৰ ফেন ফলোৱাৰো বহুত। সেয়েহে দীপাৱলীৰ দিনা স্বামী–স্ত্ৰী দুয়ো সকলোকে জনালে দীপাৱলীৰ শুভেচ্ছা।

আই পি এলৰ সময়ত সন্তানসম্ভৱা অনুষ্কাই বিৰাটৰ সৈতেই সংযুক্ত আৰব আমিৰশ্বাহিত আছিল। কিন্তু এডভাঞ্চ প্ৰেগনেন্সি ষ্টেজত বিৰাটৰ সৈতে আৰু অষ্ট্ৰেলিয়া ভ্ৰমণলৈ নগ’ল অনুষ্কা। বিৰাটেও সন্তান জন্মৰ পূৰ্বে পিতৃত্বকালীন ছুটি বিচাৰিছিল ব’ৰ্ডৰ পৰা। এই অৱস্থাত অনুষ্কা আৰু বিৰাটৰ শুভেচ্ছা সেয়ে পৃথক পৃথককৈ পোষ্ট হৈছে।


অনুষ্কাই ‘হেপী দিৱালী’ লিখা পোষ্ট কৰিছে নিজৰ হেণ্ডেলত।

আৰু বিৰাট কোহলীয়ে এটা ভিডিঅ’ বাৰ্তাত সকলোকে দিৱালী শুভেচ্ছা জনাইছে। লগতে আতচবাজিবিহীন দিৱালী পালনৰ আহ্বান জনাইছিল।

কিন্তু ইয়াতে ক্ষুব্ধ একাংশ অনুৰাগী। তেওঁলোকৰ দাবী, যাৰ ওচৰত অসংখ্য গাড়ী, প্ৰাইভেট জেট আছে তেওঁলোকৰ মুখত প্ৰদূষণ কমোৱাৰ কথা শোভা নাপায়। তেওঁলোকৰ মতে, এই যান–বাহনসমূহৰ পৰা যি পৰিমাণৰ প্ৰদূষণ হয় তেতিয়া কি কৰে।







বিৰাট আৰু অনুষ্কাৰ ক্ষেত্ৰত সকলো সময়তে এনেকুৱা হয় যে বহু মানুহে যিদৰে তেওঁলোকক অসম্ভৱ পছন্দ কৰে, তেনেদৰেই বহু মানুহে কোনো কথাতে সমালোচনা কৰিবলৈ নেৰে।
Published by: Sanjay Kumar Das
First published: November 15, 2020, 10:46 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি