আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ তম জন্ম জয়ন্তী তথা পৰাক্ৰম দিৱস। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা নামহীন দ্বীপৰ নাম ভাৰতৰ ২১ গৰাকী পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামেৰে নামাকৰণ কৰিব। পৰাক্ৰম দিৱসত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি পুৱা ১১ বজাত ২১ জন পৰমবীৰ চক্ৰ বঁটা বিজয়ীৰ নামত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২১ টা বৃহৎ নামহীন দ্বীপৰ নাম উল্লেখ কৰাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপত নিৰ্মাণ হ'বলগীয়া নেতাজীক উৎসৰ্গিত ৰাষ্ট্ৰীয় স্মৃতিসৌধৰ আৰ্হিও উন্মোচন কৰিব।
উল্লেখযোগ্য যে, দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ঐতিহাসিক তাৎপৰ্যৰ কথা মনত ৰাখি আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ স্মৃতিক সন্মান জনোৱাৰ বাবে, ২০১৮ চনত দ্বীপ ভ্ৰমণৰ সময়ত ৰছ দ্বীপপুঞ্জক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ নামেৰে নামাকৰণ কৰিছিল। নীল দ্বীপ আৰু হেভলক দ্বীপৰ নামও শ্বহীদ দ্বীপ আৰু স্বৰাজ দ্বীপ ৰখা হৈছিল।
ভাৰতীয় স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী তথা নেতাজী জয়ন্তী উপলক্ষে ২৩ জানুৱাৰীত ভাৰতত পৰক্ৰাম দিৱস হিচাপে উদযাপন কৰা হয়। পৰক্ৰাম দিৱসক এক ৰাষ্ট্ৰীয় অনুষ্ঠান হিচাপে পালন কৰা হয়। এই বৰ্ষত দেশে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ তম জন্ম জয়ন্তী উদযাপন কৰিছে। ২০২১ চনত তেওঁৰ ১২৪তম জন্মদিন উপলক্ষে প্ৰথমবাৰৰ বাবে নেতাজী জয়ন্তীক পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হৈছিল। পশ্চিম বংগ, ঝাৰখণ্ড, ত্ৰিপুৰা আৰু অসমত এই দিনটো এটা স্বীকৃত বন্ধ পালন কৰা হয়। এই বিশেষ দিনটোত ভাৰত চৰকাৰে নেতাজীক সন্মান জনাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।
আজিৰ এই দিনটোত নেতাজীৰ দেশৰ প্ৰতি থকা গভীৰ ভক্তি আৰু তেওঁৰ অটল মনোভাৱক বিশেষভাৱে স্মৰণ আৰু সন্মান কৰা হয়। তেওঁ ভাৰতীয় স্বাধীনতাৰ কাৰণে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। নেতাজী বসু এজন বিশিষ্ট জাতীয়তাবাদী, ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। এই দিনটো ভাৰতীয়সকলক, বিশেষকৈ যুৱসকলক নেতাজীৰ শক্তি, অধ্যৱসায়, নিস্বাৰ্থতা আৰু দেশপ্ৰেমৰ উৎসাহৰ প্ৰতি আকাংক্ষা কৰিবলৈ উৎসাহিত কৰাৰ বাবে মনোনীত কৰা হৈছে। তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ (আজাদ হিন্দ ফৌজ)ৰ তত্বাৱধান কৰিছিল। তেওঁ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক-মুৰব্বী আছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|