নিষিদ্ধ ড্ৰাগছ কঢ়িওৱাৰ অপৰাধত নেছ ৱাডিয়াক জাপানত দুবছৰৰ কাৰাদণ্ড

ড্ৰাগছ কঢিয়াই ধৰা পৰা নেছ ৱাডিয়া ২৮৩বছৰীয়া ৱাডিয়া গ্ৰুপৰ উত্তৰাধিকাৰী আৰু কিংছ ইলেভেন পঞ্জাৱৰ সহ স্বত্তাধিকাৰী।

news18assam
Updated:April 30, 2019, 12:49 PM IST
নিষিদ্ধ ড্ৰাগছ কঢ়িওৱাৰ অপৰাধত নেছ ৱাডিয়াক জাপানত দুবছৰৰ কাৰাদণ্ড
ড্ৰাগছ কঢিয়াই ধৰা পৰা নেছ ৱাডিয়া ২৮৩বছৰীয়া ৱাডিয়া গ্ৰুপৰ উত্তৰাধিকাৰী আৰু কিংছ ইলেভেন পঞ্জাৱৰ সহ স্বত্তাধিকাৰী।
news18assam
Updated: April 30, 2019, 12:49 PM IST
যোৱা বছৰৰ মাৰ্চ মাহত জাপানৰ নিউ চিট’ছ বিমানবন্দৰত নেছ ৱাডিয়াক নিষিদ্ধ ড্ৰাগছ ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। নিজৰ ট্ৰাউজাৰৰ পকেটত ২৫গ্ৰাম আফিং ৰখাৰ অপৰাধত ২৮৩বছৰীয়া ৱাডিয়া গ্ৰুপৰ উত্তৰাধিকাৰী আৰু কিংছ ইলেভেন পঞ্জাৱৰ সহ–স্বত্তাধিকাৰী নেছ ৱাডিয়াক গ্ৰেপ্তাৰ কৰা পিছত জাপানৰ এখন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছে। সোমবাৰৰ ফাইনেন্সিয়েল টাইমছত ওলাইছে এই খবৰ।

নিজৰ ওপৰত উদ্ধাৰ হোৱা ড্ৰাগছখিনি ব্যৱসায়ী নেছ ৱাডিয়াই ব্যক্তিগত ব্যৱহাৰৰ বাবে ৰখাৰ কথা স্বীকাৰ কৰিছে।

জাপানৰ ড্ৰাগছ বিৰোধী আইন যথেষ্ট কঠোৰ আৰু ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ প্ৰাকক্ষণত এই আইন অধিক কঠোৰতাৰে বলৱৎ কৰা হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি