JNUৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে উত্তৰ–পূবত প্ৰতিবাদ NESOৰ, এই ঘটনাৰ বাবে মোদী–অমিত শ্বাহক দোষাৰোপ নেছ’ৰ

News18 Assam | News18-Assam
Updated:January 7, 2020, 3:13 PM IST
JNUৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে উত্তৰ–পূবত প্ৰতিবাদ NESOৰ, এই ঘটনাৰ বাবে মোদী–অমিত শ্বাহক দোষাৰোপ নেছ’ৰ
প্ৰধানমন্ত্ৰী যিকোনো ঘটনা ঘটিলেই টুইট কৰি মন্তব্য প্ৰকাশ কৰে। JNUৰ ঘটনাৰ সন্দৰ্ভত তেওঁ নিমাত কিয় বুলি প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

প্ৰধানমন্ত্ৰী যিকোনো ঘটনা ঘটিলেই টুইট কৰি মন্তব্য প্ৰকাশ কৰে। JNUৰ ঘটনাৰ সন্দৰ্ভত তেওঁ নিমাত কিয় বুলি প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

  • Share this:
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ’ব উত্তৰ–পূবৰ ৭খন ৰাজ্যত। সদৌ অসম ছাত্ৰ সন্থা আৰু North East Students Organizationৰ নেতৃত্বত অহা ৭ আৰু ৮ জানুৱাৰীত সাব্যস্ত হ’ব এই প্ৰতিবাদ। ৰাজ্যকেইখনৰ বিভিন্ন স্থানত উত্তোলন কৰা হ’ব ক’লা পতাকা। দিল্লীত আজি এই কথা ঘোষণা কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

‘ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এই ঘটনাৰ কাৰণে দায়ী। দিল্লীৰ প্ৰশাসন কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰু মোদী–শ্বাহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হৈছে।’ –মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্যৰ।

প্ৰধানমন্ত্ৰী যিকোনো ঘটনা ঘটিলেই টুইট কৰি মন্তব্য প্ৰকাশ কৰে। JNUৰ ঘটনাৰ সন্দৰ্ভত তেওঁ নিমাত কিয় বুলি প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি