‘প্ৰেমত নপৰো, প্ৰেম বিবাহ নকৰো’– ভেলেণ্টাইন ডে’ত বিদ্যালয়ত ছাত্ৰীয়ে ল’লে শপত

News18 Assam | News18-Assam
Updated:February 14, 2020, 6:04 PM IST
‘প্ৰেমত নপৰো, প্ৰেম বিবাহ নকৰো’– ভেলেণ্টাইন ডে’ত বিদ্যালয়ত ছাত্ৰীয়ে ল’লে শপত
বিদ্যালয়ত শিক্ষকৰ আজৱ কাণ্ড

বিদ্যালয়ত শিক্ষকৰ আজৱ কাণ্ড

  • Share this:
আজি প্ৰেমৰ দিন! চিৰজীৱন একেলগে পাৰ কৰাৰ শপত খাইছে বহু প্ৰেমিক–প্ৰেমিকাই। কটাইছে নিবিড় মুহূৰ্ত। ইজনে সিজনক দিছে গোলাপ! তাৰ মাজতে এখন বিদ্যালয়ত শিক্ষকে ছাত্ৰীসকলক পাঠ কৰোৱাইছে এক আজৱ শপত। সকলো ছাত্ৰীকে থিয় কৰাই কোনো দিন প্ৰেমত নপৰা আৰু প্ৰেম বিবাহ নকৰাৰ শপত খোৱাইছে শিক্ষকে।

‘তেওঁলোকে নিজৰ পিতৃ–মাতৃ আৰু পৰিয়ালৰ ওপৰত বিশ্বাস ৰাখিব’। বিদ্যালয়ৰ NSS কেম্পৰ সময়ত এনেদৰে শপত পাঠ কৰোৱাই ছাত্ৰীসকলক। কিন্তু যেতিয়া ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হয়, তেতিয়া শিক্ষকজনক বিভিন্ন জনে সমালোচনাৰে থকা–সৰকা কৰে।

বিজেপি নেত্ৰী পংকজা মুণ্ডেই শিক্ষকজনৰ এই কাণ্ডক সমালোচনা কৰি কয় যে, অত্যন্ত নিন্দনীয়। কেৱল ছাত্ৰী সকলৰ কিয়, ছোৱালীক অসন্মান কৰা ল’ৰাক কিয় বেয়া কামৰ পৰা আঁতৰি থাকিবলৈ শপত দিয়া নাই।

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ এখন বিদ্যালয়ত। এনেদৰে ছাত্ৰীক শপত পাঠ কৰোৱা বিদ্যালয়ৰ শিক্ষকজনক সমালোচনা কৰি মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী আদিত্য থাকৰেই কয় যে, ‘বিয়া হোৱাটো সকলোৰে একান্ত ব্যক্তিগত সিদ্ধান্ত। বিদ্যালয়ে হস্তক্ষেপ কৰিব নালাগে।’


আৰু চাওক
পৰৱৰ্তী বাতৰি