চোৰাংচোৱা সংস্থাই দিছে বিস্ফোৰক তথ্য! CAAৰ সুবিধা ল’বলৈ চুবুৰীয়া ৰাষ্ট্ৰৰ মুছলমান লোকে সলনি কৰিছে ধৰ্ম!

News18 Assam | News18-Assam
Updated:July 23, 2020, 3:58 PM IST
চোৰাংচোৱা সংস্থাই দিছে বিস্ফোৰক তথ্য! CAAৰ সুবিধা ল’বলৈ চুবুৰীয়া ৰাষ্ট্ৰৰ মুছলমান লোকে সলনি কৰিছে ধৰ্ম!
অৱশ্যে এতিয়ালৈকে এই আইন ৰূপায়ণৰ বিধি সমূহ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাই। আইন প্ৰণয়নৰ পাছত বিধি প্ৰস্তুতিৰ ৬ মাহৰ সময়সীমা ইতিমধ্যে উকলি গৈছে । 

অৱশ্যে এতিয়ালৈকে এই আইন ৰূপায়ণৰ বিধি সমূহ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাই। আইন প্ৰণয়নৰ পাছত বিধি প্ৰস্তুতিৰ ৬ মাহৰ সময়সীমা ইতিমধ্যে উকলি গৈছে । 

  • Share this:
ভাৰতীয় সংসদে যোৱা বছৰ প্ৰণয়ন কৰা নাগৰিকত্ব সংশোধনী আইন ২০১৯-এ নিশ্চিত কৰা সুবিধা সমূহ গ্রহণ কৰিবলৈ চুবুৰীয়া ৰাষ্ট্ৰৰ মুছলমান সম্প্ৰদায়ৰ লোক ধৰ্মান্তৰিত হোৱাৰ খবৰ অতি সম্প্ৰতি পোহৰলৈ আহিছে।  ভাৰতীয় চোৰাংচোৱা সংস্থাই এই তথ্য সংগ্ৰহ কৰি আফগানিস্তানৰ এনে লোকৰ ২৫টা ঘটনাৰ এখন তালিকা কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিছে । চোৰাংচোৱা সংস্থাৰ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি আফগানিস্তানৰ পৰা ভাৰতলৈ আহি নাগৰিকত্ব পাবলৈ মুছলমান সম্প্ৰদায়ৰ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে, যোৱা বছৰ গৃহীত হোৱা নাগৰিকত্ব সংশোধনী আইনৰ যোগেদি পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু লোকে কোনো যাৱতীয় নথি-পত্ৰ নাথাকিলেও ভাৰতৰ নাগৰিকত্বৰ বাবে যদি আবেদন জনাই তেন্তে, নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে এতিয়ালৈকে এই আইন ৰূপায়ণৰ বিধি সমূহ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নাই। আইন প্ৰণয়নৰ পাছত বিধি প্ৰস্তুতিৰ ৬ মাহৰ সময়সীমা ইতিমধ্যে উকলি গৈছে ।
Published by: Himangshu Bhuyan
First published: July 23, 2020, 2:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading