জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ মহানুভৱতা। এগৰাকী গায়কৰ মুখত ধনৰ অভাৱৰ কথা শুনি লগে লগে নেহাই দিলে ১ লাখ টকা। নেহাৰ এই সিদ্ধান্তই এতিয়া মুখলৈ কিছু পৰিমাণে হাঁহি বিৰিঙাইছে গায়কজনৰ।
বৃহস্পতিবাৰে পুৱা ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল এটা ভিডিঅ’। দেখা গৈছে যে, জয়পুৰৰ শহজাদ আলী নামৰ ইণ্ডিয়ান আইডলৰ এজন প্ৰতিযোগীয়ে গীত গাই বিচাৰকৰ মন জয় কৰিলে। আৰু তেতিয়াই নেহা কক্কৰে শহজাদক বিশেষ স্পেচিয়াল উপহাৰ দিব বিচাৰে। তেতিয়া শহজাদে কয় যে, কিমান কষ্টৰ মাজেতে তেওঁ মুম্বাইলৈ আহিছে, কেৱল ইণ্ডিয়ান আইডেলত ভাগ ল’বলৈয়ে।
শহজাদে কয় যে, ‘তেওঁ ইণ্ডিয়ান আইডললৈ অহাৰ বাবে ধন যোগাৰ কৰিবলৈ আইতাকে লোন ল’বলগীয়া হৈছিল। কিন্তু সেই লোন এতিয়া পৰা নাই পৰিশোধ কৰিব। আৰু তেতিয়াই চকু সেমেকি উঠিল নেহা কক্কৰৰ। আৰু লগে লগে শহজাদক এক লাখ টকা দিয়াৰ কথা ঘোষণা কৰে নেহাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|