উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগত বহুকেইজন শ্ৰমিক নিখোজ হৈছিল। এতিয়াও তেওঁলোকৰ কোনো সন্ধান লাভ কৰা নাই। আৰ্থিক সমস্যাৰ কথা ভাবি তেওঁলোকৰ পৰিয়াললৈ তিনি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ালে জনপ্ৰিয় গায়িকা নেহা কক্কৰে। ইণ্ডিয়ান আইডলৰ মঞ্চত এই ঘোষণা কৰিলে গায়িকাগৰাকীয়ে।
ইণ্ডিয়ান আইডলৰ প্ৰতিযোগী পৱনদীপ ৰাজনে চামোলিত প্ৰাকৃতিক দুৰ্যোগৰ ফলত যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়াল, আৰু যিসকল নিখোজ হৈ আছে তেওঁলোকক উদ্দেশ্যি এটান গান উছৰ্গা কৰে। পৱনদীপে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা শ্ৰমিকৰ পৰিয়ালৰ চোৱাচিতাৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱটক ইণ্ডিয়ান আইডলৰ মঞ্চৰ পৰা অনুৰোধ জনায়।
পৱনদীপে গীতটো গোৱাৰ শেষত বিচাৰক নেহা কক্কৰে ভূয়সী প্ৰশংসা কৰে। নেহাই কয় যে পৱনদীপ এজন ভাল গায়ক। কিন্তু এইবাৰ উন্মোচিত হ’ল পৱনদীপৰ এক অন্য ৰূপ। নেহাই কয় যে মানুহ হিচাপেও পৱনদীপ খুবেই ভাল। নিখোজ শ্ৰমিকসকলৰ কথা চিন্তা কৰাত পৱনদীপক লৈ অতি আনন্দিত নেহা।
নেহাই আৰু কয় যে পৱনদীপৰ এই উদ্যোগক অন্তৰৰ পৰা সমৰ্থন জনাইছে আৰু ইয়াৰ অংশ হ’ব বিচাৰে। নেহাই শ্ব’ সকলোৰে সন্মুখত দুৰ্যোগত ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ পৰিয়াললৈ ৩ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে। লগতে নেহাই আন প্ৰতিযোগী আৰু দৰ্শকসকলকো এই পদক্ষেপত অংশ লোৱাৰ বাবে আহ্বান জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|