• Home
  • »
  • News
  • »
  • nation
  • »
  • বিয়া ফাইনেল, ভাইৰেল হ’ল নেহা কক্কৰৰ এংগেজমেণ্ট ভিডিঅ’!

বিয়া ফাইনেল, ভাইৰেল হ’ল নেহা কক্কৰৰ এংগেজমেণ্ট ভিডিঅ’!

খবৰ অনুসৰি, ২৪ অক্টোবৰত ৰোহনপ্ৰীতৰ সৈতে বিয়াত বহিব নেহা।

খবৰ অনুসৰি, ২৪ অক্টোবৰত ৰোহনপ্ৰীতৰ সৈতে বিয়াত বহিব নেহা।

খবৰ অনুসৰি, ২৪ অক্টোবৰত ৰোহনপ্ৰীতৰ সৈতে বিয়াত বহিব নেহা।

  • Share this:
হঠাৎ ছচিয়েল মিডিয়া তোলপাৰ। কাৰণ এটাই, নেহা কক্কৰ আৰু তেওঁৰ বিয়া! হয়, বিগত কিছুদিন আগৰে পৰা নেহা কক্কৰৰ বিয়াক লৈ তুমুল চৰ্চা আৰম্ভ হৈছিল ছচিয়েল মিডিয়াত। অৱশ্যে এয়া নেহাই নিজেই আৰম্ভ কৰিছিল। হঠাৎ এদিন নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিক ৰোহনপ্ৰীতৰ সৈতে ফটো দি মুকলিকৈ জনাই দিলে নেহাই, ৰোহনৰ সৈতে প্ৰেমৰ কথা! তাৰ পিছতে চৰ্চা আৰম্ভ।

কিছুদিন পূৰ্বে গুজব উঠিছিল যে উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণৰ সৈতে বিয়াত বহিব নেহা কক্কৰ। আনকি এটা ৰিয়েলিটী শ্ব’ত এই কথা প্ৰকাশো কৰিছিল উদিন নাৰায়ণে। কিন্তু অৱশেষত জানিব পৰা গ’ল যে সেয়া আছিল এক পাব্লিচিটী ষ্টাণ্ট।

এইবাৰো চৰ্চা চলিছে, নেহাই আচলতে বিয়া নহয়, ৰোহনৰ সৈতে মিলি এটা গানৰ এলবাম কৰিব খুজিছে। কিন্তু সেই সকলো গুজব শেষ কৰি নেহাই ইনষ্টাগ্ৰামত আপলোড কৰিলে ৰোহনৰ সৈতে তেওঁৰ ৰোকা বা এংগেজমেণ্টৰ ভিডিঅ’।


খবৰ অনুসৰি, ২৪ অক্টোবৰত ৰোহনপ্ৰীতৰ সৈতে বিয়াত বহিব নেহা। তাৰ পূৰ্বে নেহা আৰু ৰোহনপ্ৰীতৰ গান ‘নেহু দ্য ব্যাহ’ ২১ তাৰিখে ৰিলিজ হ’ব।
Published by:Sanjay Kumar Das
First published: