NEET পৰীক্ষাত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাৰ ছোইব আফতাবে

News18 Assam | News18-Assam
Updated:October 17, 2020, 11:05 AM IST
NEET পৰীক্ষাত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাৰ ছোইব আফতাবে
শুকুৰবাৰে ঘোষণা কৰা হয় NEET পৰীক্ষাৰ ফলাফল।

শুকুৰবাৰে ঘোষণা কৰা হয় NEET পৰীক্ষাৰ ফলাফল।

  • Share this:
শুকুৰবাৰে ঘোষণা কৰা হয় NEET পৰীক্ষাৰ ফলাফল। NEET পৰীক্ষাৰ ফলাফলত এইবাৰ চমক দিছে উৰিষ্যাত ছোইব আফতাব নামৰ এজন শিক্ষাৰ্থীয়ে। এশ শতাংশ নম্বৰ লাভ কৰি ইতিহাস ৰচিলে উৰিষ্যাত ছাত্ৰজনে।

শুকুৰবাৰে নিট-২০২০ৰ ফলাফল প্ৰকাশ কৰে নেচনেল টেষ্টিং এজেন্সীয়ে। সৰ্বভাৰতীয় ৰেংকিঙত প্ৰথমস্থান দখল কৰা ছোইব আফতাবে ১০০ শতাংশ নম্বৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে। উল্লেখযোগ্য যে, ফলাফল ঘোষণাৰ পূৱেই ছোইবে ভাল ফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছিল। কিন্তু ১০০ শতাংশই নম্বৰ লাভ কৰিব বুলি আশা কৰা নাছিল। ৰাজস্থানৰ কোটাৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল ছোইবে।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত শুকুৰবাৰে ঘোষণা কৰা হয় ফলাফল। পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাৰ ফলাফল ntaneet.nic.in চোৱাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব।
Published by: Himangshu Bhuyan
First published: October 17, 2020, 10:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading