• Home
  • »
  • News
  • »
  • nation
  • »
  • NEET 2022 চিকিৎসা প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱা প্ৰাৰ্থীসকলক কৰালে অন্তৰ্বাস খুলিবলৈ বাধ্য, দাখিল হৈছে অভিযোগ

NEET 2022 চিকিৎসা প্ৰৱেশ পৰীক্ষা দিবলৈ যোৱা প্ৰাৰ্থীসকলক কৰালে অন্তৰ্বাস খুলিবলৈ বাধ্য, দাখিল হৈছে অভিযোগ

NEET 2022: কেৰালাৰ কোল্লামত প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীক চিকিৎসা প্ৰৱেশ পৰীক্ষা দিবলৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ তেওঁলোকৰ অন্তৰ্বাসৰ কিছু অংশ আঁতৰাবলৈ কোৱা হৈছিল।

NEET 2022: কেৰালাৰ কোল্লামত প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীক চিকিৎসা প্ৰৱেশ পৰীক্ষা দিবলৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ তেওঁলোকৰ অন্তৰ্বাসৰ কিছু অংশ আঁতৰাবলৈ কোৱা হৈছিল।

NEET 2022: কেৰালাৰ কোল্লামত প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীক চিকিৎসা প্ৰৱেশ পৰীক্ষা দিবলৈ পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ তেওঁলোকৰ অন্তৰ্বাসৰ কিছু অংশ আঁতৰাবলৈ কোৱা হৈছিল। আনহাতে, ধৰ্মীয় পোছাক পৰিধান কৰাৰ অনুমতি থকা স্বত্বেও এগৰাকী শিক্ষাৰ্থীক হিজাব (এক ধৰ্মীয় পোছাক) আঁতৰাবলৈ বাধ্য কৰা হৈছিল।

  • Share this:
যোৱা দেওবাৰে অনুষ্ঠিত হোৱা চিকিৎসা প্ৰৱেশ পৰীক্ষা NEET 2022 ত প্ৰায় ১০০ গৰাকী মহিলা ছাত্ৰীক অপমানিত কৰাৰ ঘটনা সংঘটিত হয়। পৰীক্ষা গৃহত প্ৰৱেশ কৰাৰ আগেয়ে তেওঁলোকক বুকুৰ অন্তৰ্বাস খুলিবলৈ বাধ্য কৰে। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে তেওঁলোকক ফ্ৰিস্কিং প্ৰক্ৰিয়াৰ সময়ত ধাতু চিনাক্তকৰণ পৰ্যায়ত বুকুৰ অন্তৰ্বাস আঁতৰাবলৈ কোৱা হৈছিল। ড্ৰেছ কোড অনুসৰি, শিক্ষাৰ্থীসকলক পৰীক্ষা গৃহত প্ৰৱেশ কৰোঁতে কোনো ধাতৱীয় বস্তু বা আনুসঙ্গিক সামগ্ৰী পিন্ধিবলৈ অনুমতি দিয়া নহয়। ইয়াক নকল-বিৰোধী পদক্ষেপ বুলি কোৱা হয়। যদিও নিয়মাৱলীয়ে বেল্টৰ বিষয়ে কয়, ই অন্তৰ্বাস যেনে ব্ৰাৰ বিষয়ে নকয় য'ত আণ্ডাৰৱায়াৰিং অন্তৰ্ভুক্ত থাকিব পাৰে। ঘটনাটো কেৰালাৰ কোল্লামৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হয়।


শিক্ষাৰ্থীসকলে অভিযোগ কৰিছে যে এনে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ঠিক আগতে তেওঁলোক মানসিক আঘাতৰ সন্মুখীন হ'ব লগা হৈছিল। অভিভাৱকসকলে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰিছে। প্ৰাথমিক তথ্য অনুসৰি, প্ৰায় ১০০ গৰাকী ছোৱালীয়ে এই পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল। কোট্টাৰাক্কাৰ উপ-আৰক্ষী অধীক্ষকৰ ওচৰত ইতিমধ্যে এটা অভিযোগ দাখিল কৰা হৈছে।


শিক্ষাৰ্থীসকলে জনোৱা অনুসৰি দেওবাৰে পৰীক্ষাৰ পিছত অন্তৰ্বাসবোৰ একেলগে কাৰ্টনত পেলাই দিয়া দেখা গৈছিল। কেৰালাৰ মাৰথোমা ইনষ্টিটিউট অৱ ইনফৰ্মেচন টেকন'লজী কেন্দ্ৰ, আয়ুৰ চাদায়ামংলামে বাহ্যিক সংস্থাসমূহৰ দ্বাৰা তালাচী আৰু বায়োমেট্ৰিক পৰীক্ষা কৰা বুলি উল্লেখ কৰি দায়বদ্ধতা অস্বীকাৰ কৰিছে।


শিক্ষাৰ্থীসকলক আনকি দিয়া হোৱা নাছিল হিজাব পিন্ধিবলৈ অনুমতিঃ

আন এগৰাকী মহিলা ছাত্ৰীয়ে অভিযোগ কৰিছে যে পৰীক্ষাৰ সময়ত তেওঁক হিজাব পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল। নিয়ম অনুসৰি, শিক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰায় দুবছৰ আগতে পৰীক্ষা কেন্দ্ৰত প্ৰতিবেদন দিলে তেওঁলোকক ধৰ্মীয় পোছাক পিন্ধিবলৈ অনুমতি দিয়া হয়। ছাত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে হিজাব খুলি পেলোৱাৰ পিছতো পৰীক্ষাৰ সময়ত ইনভিজিলেটৰে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল।


NEET 2022 পোছাক বিতৰ্কঃ

মহিলা শিক্ষাৰ্থীসকলে NEET পৰীক্ষা কেন্দ্ৰবোৰত নিৰ্যাতনৰ সন্মুখীন হোৱা এইটোৱে প্ৰথম ঘটনা নহয়, বিগত বছৰবোৰত একে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা গৈছে। ২০১৭ চনত, কান্নুৰত চিকিৎসা প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱা এগৰাকী মহিলা ছাত্ৰীকো তেওঁৰ অন্তৰ্বাস আঁতৰাবলৈ কোৱা হৈছিল। সেই সময়ত চিবিএছইয়ে পৰীক্ষা অনুষ্ঠিত কৰিছিল। ঘটনাটোৱে পৰীক্ষাৰ সময়ত অত্যাধিক সতৰ্ক হোৱাৰ বিষয়ে এক বিতৰ্ক আৰম্ভ কৰিছিল, আৰু তেতিয়াৰ শিক্ষা মন্ত্ৰী চি ৰবীন্দ্ৰনাথে কৈছিল যে চৰকাৰে বিষয়টো তদন্ত কৰিব। এতিয়া, পৰীক্ষাটো ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA)ৰ দ্বাৰা পৰিচালিত হয়। পৰীক্ষা পৰিচালনাকাৰী সংস্থাটোৱে এতিয়াও এই সন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই।


NEET ড্ৰেছ কোড অনুসৰি, পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীসকলক দীঘল হাতৰ পোছাকো পিন্ধিবলৈ অনুমতি দিয়া নহয়। চেণ্ডেলৰ পিন্ধাৰ অনুমতি দিয়া হয় যদিও পৰীক্ষা গৃহত জোতা পৰিধানৰ অনুমতি নাই।


ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থায়ে ভাগ বতৰা কৰা তথ্য অনুসৰি মুঠ ১৮,৭২,৩২৯ জন প্ৰাৰ্থীয়ে দেশৰ সৰ্ববৃহৎ প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল যাৰ ভিতৰত ১০.৬৪ লাখ মহিলা আছিল। পৰীক্ষাটো ভাৰতৰ বাহিৰৰ ১৪ খন চহৰকে ধৰি দেশৰ ৪৯৭ খন চহৰৰ ৩,৫৭০ টা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছিল।
Published by:Subham Goswami
First published: