PUBG খেলি থকা ছাত্ৰই ‘মাৰি দে... ব্লাষ্ট কৰি দে’ চিঞৰি... অৱশেষত নিজেই সাৱটি ল’লে মৃত্যু

মধ্যপ্ৰদেশৰ নীম’চৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই PUBG খেলি থকাৰ সময়ত উত্তেজিত হৈ সাৱটি ল’লে মৃত্যু।

News18-Assam
Updated:July 4, 2019, 6:38 PM IST
PUBG খেলি থকা ছাত্ৰই ‘মাৰি দে... ব্লাষ্ট কৰি দে’ চিঞৰি... অৱশেষত নিজেই সাৱটি ল’লে মৃত্যু
মধ্যপ্ৰদেশৰ নীম’চৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰই PUBG খেলি থকাৰ সময়ত উত্তেজিত হৈ সাৱটি ল’লে মৃত্যু।
News18-Assam
Updated: July 4, 2019, 6:38 PM IST
মৃত্যু দূতৰ ৰূপত PUBG!

আকৌ PUBG এ প্ৰাণ ল’লে এগৰাকী ছাত্ৰৰ।মধ্যপ্ৰদেশত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা। PUBG খেলি থকাৰ অৱস্থাতে প্ৰাণ গ’ল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ। খেলি থকা অৱস্থাত ছাত্ৰজন উত্তেজিত হৈ মজিয়াত বাগৰি পৰে, পিছত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে হঠাৎ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে ছাত্ৰজনৰ মৃত্যু ঘটা বুলি জানিবলৈ দিয়ে।

PUBG খেলি মৃত্যু সাৱটি লোৱা ছাত্ৰজনৰ নাম ফুৰহান। দ্বাদস শ্ৰেণীত অধ্যয়ন কৰি থকা ফুৰহানৰ বাবে PUBG হৈ পৰিছিল একপ্ৰকাৰৰ নিচা! মৃত্যুৰ দিনা PUBG খেলত ফুৰহান ইমানে মগ্ন আছিল যে খেলি থকাৰ সময়ত উত্তেজিত হৈ মাজে মাজে ‘মাৰি দে... ব্লাষ্ট কৰি দে’ চিঞৰিছিল। কিন্তু হঠৎ সেই সময়তে ফাৰহান মজিয়াত বাগৰি পৰে আৰু অৱশেষত দুৰ্ভাগ্যজনক ভাবে মৃত্যুক সাৱটি ল’বলগীয়া হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি