• Home
  • »
  • News
  • »
  • nation
  • »
  • বিহাৰত চৰকাৰ গঢ়াৰ দিশে এনডিঅ! বিজেপিৰ বাহুবলত চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

বিহাৰত চৰকাৰ গঢ়াৰ দিশে এনডিঅ! বিজেপিৰ বাহুবলত চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হ’ব নীতিশ কুমাৰ

চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা নীতিশ কুমাৰৰ দল তালিকাৰ তৃতীয় স্থানতহে।

চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা নীতিশ কুমাৰৰ দল তালিকাৰ তৃতীয় স্থানতহে।

চতুৰ্থবাৰলৈ মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা নীতিশ কুমাৰৰ দল তালিকাৰ তৃতীয় স্থানতহে।

  • Share this:
পাটনা: ক’ভিডৰ কাৰণে লেহেমীয়া গতিত ভোটগণনা। সেইবাবে বিহাৰৰ ভোটগণনা পুৱা ৮বজাৰ পৰা মাজনিশালৈ চলিল। ইতিমধ্যে সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঢ়াৰ দিশে আগবাঢ়িছে এনডিএ। বিজেপিয়ে দিয়া পূৰ্ব প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে জনসমর্থন নাপালেও চতুর্থবাৰৰ কাৰণে মুখ্যমন্ত্ৰিত্ব পাবলৈ গৈ আছে নীতিশ কুমাৰ। আনহাতে বিহাৰৰ একক বৃহৎ দল হিচাপে নিজকে তুলি ধৰিছে আৰজেডিয়ে।

ভোটৰ ফল সন্মুখলৈ আহিলে যদিও ৰাজনৈতিক পৰ্যবেক্ষকসকলে কৈছে ‘পিকচাৰ অভী বাকী হ্যে’ কাৰণ এনডিএ–এই চৰকাৰ গঠনৰ সুযোগ পাবলৈ গৈ আছে বিজেপিৰ বাহুবলতহে। ভোটৰ পৰিসংখ্যাই কৈ দিছে তেজস্বী-তেজপ্রতাপে মিছা হুলস্থুল কৰা নাছিল। নীতিশক প্ৰকৃততে জনতাই বিমুখ কৰিছে। জোঁটৰ হিচাপত দেখা যায় বিহাৰত তৃতীয় দলহে জেডিইউ। এনে অৱস্থাত নীতিশক আকৌ মুখ্যমন্ত্ৰিত্ব দিবনে বিজেপিয়ে?

ভোটৰ পূৰ্বে নীতিশে অৱসৰৰ দিনক্ষণ ঘোষণা কৰিছিল। হয়তো তেওঁৰ ইচ্ছা পূৰণ হ’ব! কিন্তু বিহাৰৰ মানুহে যাক মুখ্যমন্ত্ৰী হিচাপে পাব তেওঁক কোৰোণা-কর্মসংস্থাপন, সু–শাসন ইত্যাদি ‍বিভিন্ন ইচ্ছ্যুৰে ঘেৰি মানুহে তেওঁৰ দলৰ বিৰুদ্ধে ভোটদান কৰিছে।
First published: