এখন চিঠি, চিঠিখনে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিঠিখন লিখিছে NSCN-IMৰ সামৰিক গোট নগা আৰ্মীৰ উপ-সেনাধ্যক্ষই ৷ চিঠিখনত ভাৰত চৰকাৰক কঠোৰ সমালোচনা কৰিছে উপ-সেনাধ্যক্ষ মেজৰ জেনেৰেল এ ৰমনে ৷ লগতে সংগঠনৰ শীৰ্ষ নেতৃত্বকো সকীয়নি দিছে চিঠিখনৰ জৰিয়তে ৷
চিঠিখনত নগা আৰ্মীৰ উপ-সেনাধ্যক্ষ এ ৰমনে লিখিছে- “বিগত কিছুমাহত সংঘটিত কেতবোৰ ঘটনাই মোক এতিয়া গভীৰভাৱে ভাবিবলৈ বাধ্য কৰাইছে আৰু এই সংক্ৰান্ততে মই জাতীয় সংগ্ৰামৰ বিষয়ে ক'বলৈ বাধ্য হৈছো ৷”
“বিগত ১৪ জুনত নেচনেল ইনভেষ্টিগেশ্যন এজেন্সীয়ে আমাৰ জাতীয় সংগ্ৰামৰ নেতা লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) ফুংটিং ছিমৰাঙৰ পত্নী আলেমলা জমিৰক অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছে ৷ এই ঘটনাই আমাক হতচকিত কৰি তুলিছে ৷ বিগত ছয়টা মাহত আমাৰ বহুসংখ্যকক গ্ৰেপ্তাৰ কৰিছে NIAয়ে আৰু বহুতৰ ঘৰত অভিযানো চলাইছে ৷ এই সম্পৰ্কত মই মোৰ স্থিতি স্পষ্ট কৰিব বিচাৰিছো,” এনেদৰে লিখিছে উপ-সেনাধ্যক্ষ ৰমনে ৷
বিগত ছয়মাহত নাগালেণ্ডত NSCN-IMৰ বহু নেতাৰ ঘৰত NIAয়ে অভিযান চলোৱা আৰু বহুকেইজনক গ্ৰেপ্তাৰ কৰাৰ বিষয়ত ক্ষোভ প্ৰকাশ কৰি নগা আৰ্মীৰ উপ-সেনাধ্যক্ষই তেওঁৰ ঘৰতো তদন্তকাৰী সংস্থাটোৱে অভিযান চলোৱাৰ কথা সদৰি কৰিছে ৷
“এনেঘটনা প্ৰবাহক লৈ মোৰ নিজৰ সংগঠনে গ্ৰহণ কৰা আচৰণ আৰু প্ৰতিক্ৰিয়াক লৈ মই হতবাক আৰু আচৰিত হৈছো ৷ কেম্প হেব্ৰনত বহি থকা জাতীয় সংগ্ৰামৰ মূৰব্বীসকল কি এতিয়া ভাৰত চৰকাৰৰ ভাটৌ চৰাইত পৰিণত হ'ল অথবা নিজৰ শক্তি-সামৰ্থ্য হেৰুৱাই পেলালে? মই আৰু মোৰ সৰ্তীথবৰ্গই কেম্প হেব্ৰন বা দিল্লীত বহি থকা আমাৰ শীৰ্ষ নেতৃত্বৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছো,” এনেদৰে স্পষ্টকৈ লিখিছে চিঠিখনত নগা আৰ্মীৰ উপ-সেনাধ্যক্ষজনে ৷
নিজ সংগঠনৰ শীৰ্ষ নেতৃত্বৰ কৰ্মকাণ্ডত ক্ষুব্ধ হৈ নগা আৰ্মীৰ উপ-সেনাধ্যক্ষ এ ৰমনে দিলে অন্তিমটো সকীয়নি ৷ ৰমনে চিঠিত লিখিছে- “মই আজি ঘোষণা কৰিলো যে, যিহেতু মোৰ সংগঠনৰ নেতৃত্ব এতিয়া নিস্ক্ৰিয়, সেয়েহে ইয়াৰ পিছত যদি ভাৰত চৰকাৰে বা তেওঁলোকৰ কোনো এজেন্সীয়ে এবাৰৰ বাবেও মোৰ সহকৰ্মী বা মোৰ পৰিয়ালৰ ওপৰত নিৰ্যাতন চলাই; তেন্তে সাংঘাতিক বিপদৰ সন্মুখীন হ'ব লাগিব ৷ মই আৰু জেষ্ঠ সৰ্তীথ ফুংটিং ছিমৰাং, মেজৰ জেনেৰেল হাংচিং আৰু আমাক সৰ্তীথবৰ্গই পূৰ্বতে নকৰা আক্ৰমণ কৰিবলৈ সাজু আছো ৷ মই ইয়াৰ দ্বাৰা ভাৰত চৰকাৰক সকীয়াই দিছো যাতে তেওঁলোকে আমাৰ ভূমিত আমাৰ সহকৰ্মীৰ ওপৰত নিৰ্যাতন কৰাৰ পৰা বিৰত থাকে ৷ লগতে কেম্প হেব্ৰনত বহি থকা আমাৰ জেষ্ঠ নেতৃত্বকো মোৰ এই সৰ্তকবাণী জনালো, যাতে তেওঁলোক ভাৰত চৰকাৰৰ পোহনীয়া কুকুৰলৈ পৰিণত নহওক ৷”
NSCN-IMৰ সামৰিক গোটৰ উপ-সেনাধ্যক্ষজনে লিখা এই চিঠিখন এতিয়া চছিয়েল মিডিয়াত ভাইৰেল হৈছে ৷ এই সন্দৰ্ভত NSCN-IMৰ সৈতে যোগাযোগ কৰা হ'ল ৷ আচলতে NSCN-IMৰ নগা আৰ্মীৰ উপ-সেনাধ্যক্ষই এনেদৰে চিঠি লিখিছে নে? সচাকৈয়ে NSCN-IMত আভ্যন্তৰীণ সংঘাত হৈছে নে? এই প্ৰশ্ন কৰি যোগাযোগ কৰাত কেম্প হেব্ৰনত বাহৰ পাতি থকা NSCN-IMৰ এক শীৰ্ষ নেতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৷ তেওঁ News18ক জনালে- “তেনে কোনো চিঠি উপ-সেনাধ্যক্ষই লিখা নাই ৷ এয়া কোনো দুষ্টচক্ৰৰ কাম ৷”
কিন্তু বিষয়টো বৰ জটিল ৷ কিয়নো সংগঠনটোৰ এসময়ৰ মুখ্য সেনাধ্যক্ষ তথা সংগঠনৰ বৰ্তমানৰ কলেক্টিভ লীডাৰচিপৰ অন্যতম সদস্য ফুংটিং ছিমৰাঙে দুই দুৰ্ধৰ্ষ মেজৰ জেনেৰেল আৰু শতাধিক সশস্ত্ৰ কেডাৰ লগত লৈ ম্যানমাৰত প্ৰৱেশ কৰিছে বিগত বৰ্ষৰ শেষৰ ফালে ৷ ফুংটিঙে চীনৰ সহায় বিচাৰি য়ুনান প্ৰদেশত বাহৰ পতাৰ তথ্যও ইতিমধ্যে News18ত সবিস্তাৰে প্ৰকাশ পাইছে ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 29, 2020, 18:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।