গুজৰাটৰ আহমেদাবাদত বিজেপি বিধায়কে NCPৰ কৰ্মীক মাৰধৰ কৰা ঘটনাই লৈছে নতুন মোৰ। এটা সংবাদমাধ্যমৰ চেনেলত দেখুওৱা ভিডিঅ’ অনুসৰি দুৰ্ব্যৱহাৰ আৰু মাৰপিট কৰাৰ পিছত এতিয়া বিধায়ক বলৰাম থাবানীয়ে ভুক্তভোগী মহিলাগৰাকীৰ দ্বাৰা ৰাখী বন্ধালে আৰু খুৱালে মিঠাই। দুৰ্ব্যৱহাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত দলৰ হেঁচাত থাবানীয়ে ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলাইছে। প্ৰায় ১৭ ঘণ্টাত নতুন মোৰ লৈছে ঘটনাটোৱে। ANIৰ তথ্য অনুসৰি বিজেপিয়ে বলৰাম থাবানীক এই সন্দৰ্ভত পত্ৰও প্ৰেৰণ কৰিছে।
ভিডিঅ’ত দেখা গৈছে যে বিধাগৰাকীৰ সৈতে ভুক্তভোগী মহিলাসহ বহু লোক উপস্থিত আছিল। বিধায়কে সকলোকে খুৱালে মিঠাই। গুজৰাটৰ বিজেপি অধ্যক্ষ জীতু থাবানীক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছিল। ইয়াৰ পিছতে তেওঁ দুখ প্ৰকাশ কৰি কৈছিল যে মোৰ মূৰ গৰম হৈ উঠিছিল।
NCPৰ কৰ্মকৰ্তাগৰাকীয়ে পানীৰ সমস্যা সন্দৰ্ভত বিধায়কৰ ওচৰলৈ আহিছিল। কিন্তু বিধায়ক আৰু তেওঁৰ সহযোগীয়ে দুৰ্ব্যৱহাৰ কৰিছিল গোৰ শোধাইছিল ৰাজহুৱাভাৱে।
মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ। যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ কথা জানিব পৰা গৈছে।
Published by: Dulu Medhi
FIRST PUBLISHED : June 04, 2019, 10:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।