মুখ্যপৃষ্ঠা »খবৰ »দেশ »পাকিস্তানৰ পৰা বহু মৰম পাইছিলো, ভাৰতীয়ক আত্মীয়ৰ দৰে ভাৱে পাকিস্তানে – ক’লে NCP মুৰব্বী শাৰদ পাৱাৰে

পাকিস্তানৰ পৰা বহু মৰম পাইছিলো, ভাৰতীয়ক আত্মীয়ৰ দৰে ভাৱে পাকিস্তানে – ক’লে NCP মুৰব্বী শাৰদ পাৱাৰে

শাৰদ পাৱাৰৰ এই মন্তব্যৰ পিছতে উভতি ধৰিছে শিৱসেনাই। শিৱসেনাৰ বিধায়ক আৰু মুখপাত্ৰ মনীষা কায়েণ্ডেই পাৱাৰৰ মন্তব্যক নিন্দনীয় আখ্যা দিছে।

  • Share this:
    পাকিস্তানৰ প্ৰশংসাত পঞ্চমুখ NCPৰ মুৰব্বী শাৰদ পাৱাৰ। পাকিস্তান আৰু পাকিস্তানীক প্ৰশংসা কৰি মুম্বাইত শাৰদ পাৱাৰে কয় – মই পাকিস্তান ভ্ৰমণলৈ যোৱাৰ সময়ত উষ্ম আদৰণি জনোৱা হৈছিল। পাকিস্তানীসকলে যদিও নিজৰ আত্মীয়সকলক লগ পাবলৈ ভাৰতলৈ আহিব নোৱাৰে, তথাপি ভাৰতৰ পৰা অহা লোকসকলক নিজৰ আত্মীয় বুলি ভাৱে আৰু তেনেধৰণৰ ব্যৱহাৰ কৰে।

    শাৰদ পাৱাৰে কয় যে ভাৰতত মানুহে কয় যে পাকিস্তানী লোকৰ সৈতে অন্যায় হৈছে। তেওঁলোক সুখী নহয়, কিন্তু এই সকলো মিছা। এনেধৰণৰ মন্তব্য পাকিস্তানৰ বাস্তৱিক পৰিস্থিতি প্ৰত্যক্ষ নকৰাকৈ কেৱল ৰাজনৈতিক মুনাফাৰ বাবে কৰা হয়। শাসকীয় পক্ষৰ ৰাজনীতিকে মুনাভা লাভৰ বাবে এনেধৰণৰ মিছা কথা প্ৰচাৰ কৰি আছে।

    শাৰদ পাৱাৰৰ এই মন্তব্যৰ পিছতে উভতি ধৰিছে শিৱসেনাই। শিৱসেনাৰ বিধায়ক আৰু মুখপাত্ৰ মনীষা কায়েণ্ডেই পাৱাৰৰ মন্তব্যক নিন্দনীয় আখ্যা দি কয় যে দলীয় নেতা–কৰ্মীয়ে পাৱাৰৰ সংগ ত্যাগ কৰিছে, তেওঁ বিফল হৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ প্ৰশংসা কৰা কিমানদূৰ উচিত? পাকিস্তানৰ পৰা কৰ্মকৰ্তা আমদানি কৰাৰ মন আচে নেকি পাৱাৰৰ।

     NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি