মহাৰাষ্ট্ৰত শিৱ সেনা (Shiv Sena)ত বিভাজনৰ পিছতে এতিয়া ইয়াৰ আঁৰত কোন আছিল তাকে লৈ ব্যাপক জল্পনা-কল্পনা অব্যাহত আছে। স্বাভাৱিকতে বিজেপিলৈ সন্দেহৰ আঙুলি সকলোৱে টোৱাইছে যদিও একাংশই ইয়াৰ আৰত NCPৰ মূৰব্বী শাৰদ পাৱাৰ (Sharad Pawar) আছে বুলিও দাবী কৰে। শেহতীয়াকৈ শিৱসেনাৰ বিধায়ক ৰামদাস কদমে (Shiv Sena MLA Ramdas Kadam) কৰিছে এই দাবী।
শিৱসেনাৰ বিধায়ক ৰামদাস কদমে কয়, "শাৰদ পাৱাৰে (NCP Chief) শিৱসেনা দল ভাঙিছিল (Shiv Sena)। বালাচাহেব (Balasaheb ) থকাৰ পৰাই পাৱাৰে দলটো শেষ কৰিবলৈ চেষ্টা কৰিছিল যদিও কেতিয়াও সুযোগ নাপালে। এতিয়া তেওঁ উদ্ধৱক CM কৰিলে। উদ্ধৱ covidৰ সময়ত বাহিৰলৈ যোৱা নাছিল আৰু তাৰ পিছত ৬ মাহ অসুস্থ হৈ আছিল। পাৱাৰে সেই সুযোগ ব্যৱহাৰ কৰিছিল।"
কদমে আৰু কয়, "শিৱসেনাৰ মুখ্যমন্ত্ৰী থকাৰ পিছতো দলীয় বিধায়কসকলে নিজৰ সমষ্টিত উন্নয়নৰ বাবে ধন লাভ কৰা নাছিল। এনচিপিয়ে ইয়াৰ ব্যৱহাৰ কৰি আছিল। আমাৰ অঞ্চলত শিৱসেনা দুৰ্বল হৈ পৰিছিল। এই কথাটো লৈ মই উদ্ধৱ থাকৰে (Uddhav Thackeray)ৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তেওঁ একো নকৰিলে।"
"শিৱসেনাৰ মুৰব্বীজনৰ পুত্ৰ NCP & INC মন্ত্ৰীসকলৰ লগত বহি থকাটো আমাৰ কোনো এজনৰ বাবেই গ্ৰহণযোগ্য নাছিল" বুলিও কয় ৰামদাস কদমে।
ইয়াৰ মাজতে একনাথ সিন্দে (Eknath Shinde)ৰ বিদ্ৰোহক উচুত আখ্যা দিয়ে বিধায়ক কদমে। তেওঁ কয়, "একনাথ সিন্দে এই পদক্ষেপ নোলোৱা হ’লে পৰৱৰ্তী নিৰ্বাচনত শিৱসেনাৰ ১০ জন বিধায়কো নাথাকিলহেঁতেন। একনাথৰ লগত যোৱা বিধায়ক সকলক ধন্যবাদ জনাম। মই ৫২ বছৰ পাৰ্টিত কাম কৰিলোঁ আৰু তাৰ পিছতো মোক বহিষ্কাৰ কৰা হ'ল। সেয়ে আজিৰ পৰা একনাথ সিন্দেৰ শিবিৰত যোগদান কৰিছোঁ।"
উল্লেখ্য যে বিদ্ৰোহৰ পিছতে আস্থা ভোটত উদ্ধৱ থাকৰেক পৰাস্ত কৰি মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল একনাথ সিন্দেই।
Published by: Manjumoni Borah
FIRST PUBLISHED : July 19, 2022, 20:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।