মহিলাগৰাকীয়ে পিছফালৰ পৰা চাৰি ইঞ্চি চুলি কাটিবলৈ কৈছিল, কিন্তু হেয়াৰড্ৰেছাৰে চুলি ভুলকৈ কাটি মাত্ৰ চাৰি ইঞ্চিহে বাকী ৰাখিছিল। এই অভিযোগ মহিলাগৰাকীৰ।
মহিলাগৰাকীয়ে পিছফালৰ পৰা চাৰি ইঞ্চি চুলি কাটিবলৈ কৈছিল, কিন্তু হেয়াৰড্ৰেছাৰে চুলি ভুলকৈ কাটি মাত্ৰ চাৰি ইঞ্চিহে বাকী ৰাখিছিল। এই অভিযোগ মহিলাগৰাকীৰ।
দিল্লীৰ এখন চেলুন (Salon)ক এগৰাকী মহিলাৰ চুলি ভুলকৈ কটাৰ বাবে বৃহত পৰিমাণৰ জৰিমনা বিহা হৈছে। ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে (NCDRC) এইগৰাকী মহিলাক ২ কোটি টকা ক্ষতিপূৰণ (Compensation) পৰিশোধ কৰিবলৈ চেলুনখনক নিৰ্দেশ দিছে। আয়োগৰ মতে চেলুনে কেৱল মহিলাগৰাকীৰ চুলি ভুলকৈ কটাই নহয় চুলিৰ ভুল পৰিচৰ্যা (Wrong Haircut and Treatment) কৰিও তেওঁৰ চুলিৰ ক্ষতিসাধন কৰিছে। ইয়াৰ বাবে ২ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়া হৈছে। ন্যায়াধীশ আৰ কে আগৰৱালা আৰু ড০ এছ এম কান্তিকৰে এই নিৰ্দেশ প্ৰদান কৰিছিল।
দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি মতে, ঘটনাটো ২০১৮ চনৰ এপ্ৰিলত সংঘটিত হৈছিল যেতিয়া এগৰাকী মহিলা চুলিৰ ট্ৰিটমেণ্টৰ বাবে দিল্লীৰ আইটিচি মৌৰ্য হোটেলৰ চেলুনলৈ গৈছিল। কিন্তু তেওঁৰ মতে চেলুনখনে মহিলাগৰাকীয়ে কোৱাৰ ধৰণে চুলি নাকাটি ভুল পদ্ধতিৰে চুলি কাটিছিল, যাৰ বাবেমহিলাগৰাকীয়ে নিজৰ কাম হেৰুৱাবলগা হোৱাৰ লগতে আৰ্থিকভাৱেও লোকচানৰ সন্মুখীন হৈছিল। উল্লেখ্য যে মহিলাগৰাকী চুলিৰ সামগ্ৰী নিৰ্মাতা কোম্পানীৰ এগৰাকী মডেল আছিল আৰু কেইবাটাও প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ বাবে মডেলিং কৰিছিল। কিন্তু চেলুনখনৰ ভুলৰ বাবে মহিলাগৰাকীৰ মডেলিং জগতত এটা নিগেটিভ ছাপ পেলাইছিল আৰু মহিলাগৰাকীৰ উপাৰ্জনৰ পথ ৰুদ্ধ কৰিছিল।
এই সন্দৰ্ভত, মহিলাগৰাকীয়ে কয়, "মই চেলুনখনক স্পষ্টকৈ সন্মুখৰ পৰা চুলিৰ দীঘল 'ফ্লিকছ' ৰাখিবলৈ কৈছিলোঁ আৰু পিছফালৰ পৰা চাৰি ইঞ্চি চুলি কাটিবলৈ কৈছিলোঁ, কিন্তু হেয়াৰড্ৰেছাৰে চুলি ভুলকৈ কাটি মাত্ৰ চাৰি ইঞ্চিহে বাকী ৰাখিছিল।" যেতিয়া তেওঁ চেলুন মেনেজাৰৰ ওচৰত অভিযোগ কৰিছিল, তেতিয়া মেনেজাৰে বিনামূলীয়াকৈ চুলিৰ ট্ৰিটমেণ্ট কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। মহিলাগৰাকীয়ে এইটোও কয় যে চেলুনৰ ৰাসায়নিক পদাৰ্থই তেওঁৰ চুলিৰ ক্ষতি কৰিছিল আৰু তাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগৰ কাষ চাপিছিল আৰু ৩ কোটি টকাৰ ক্ষতিপূৰণৰ বাবে অনুৰোধ কৰিছিল।
ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে চেলুনখনক ভুলকৈ চুলি কটা আৰু ভুল ট্ৰিটমেণ্ট দিয়াৰ বাবে মহিলাগৰাকীক ২ কোটি টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে। তদুপৰি দুমাহৰ ভিতৰত ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে আয়োগে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|