সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাঃ গ্ৰেপ্তাৰ হ’ল নেকি ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক? কি ক’লে NCB-এ?

News18 Assam | News18-Assam
Updated:September 4, 2020, 9:09 PM IST
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাঃ গ্ৰেপ্তাৰ হ’ল নেকি ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক? কি ক’লে NCB-এ?
সুশান্ত সিং ৰাজপুতক সেৱন কৰিবলৈ দিয়া হৈছিল নেকি ড্ৰাগছ?

সুশান্ত সিং ৰাজপুতক সেৱন কৰিবলৈ দিয়া হৈছিল নেকি ড্ৰাগছ?

  • Share this:
সুশান্ত ৰিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চিবিআইৰ হাতত অৰ্পণ কৰাৰ পিছৰে পৰা প্ৰতিদিনে পোহৰলৈ আহিছে ন ন তথ্য। দুদিন একেৰাহে চিবিআইয়ে জেৰা কৰিছিল প্ৰয়াত অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক।

সুশান্ত সিং ৰাজপুতক সেৱন কৰিবলৈ দিয়া হৈছিল নেকি ড্ৰাগছ?

এনে কেতবোৰ তথ্য পোহৰলৈ অহাৰ পিছত শুকুৰবাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰাণ্ডাৰ ঘৰত তালাচী চলাই এন চি বিয়ে। ইতিমধ্যে এই সন্দৰ্ভত বহুজনক গ্ৰেপ্তাৰ কৰা হৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে, শুকুৰবাৰে এন চি বিয়ে গ্ৰেপ্তাৰ কৰিলে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীক। কিন্তু এই খবৰ এতিয়া অস্বীকাৰ কৰিছে এন চি বিৰ ফালৰ পৰা।

নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ ডেপুটি ডি জি মুথা অশোক জৈনে কোৱা মতে, বৰ্তমান শৌভিকক সোধা-পোছা কৰি থকা হৈছে। লগতে তেওঁলোকৰ পৰা কিছুমান তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি থকা হৈছে। যেতিয়া শৌভিকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব, তেতিয়া এন চি বিৰ ফালৰ পৰা সবিশেষ জনাব বুলিও বিষয়াজনে জানিবলৈ দিয়ে।
Published by: Himangshu Bhuyan
First published: September 4, 2020, 9:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading