শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এতিয়া জে'লত। নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাৰ অপৰাধত দীৰ্ঘসময় ধৰি জেলত বন্দী হৈ আছে আৰিয়ান খান। চলিত মাহৰ ৩ তাৰিখে এটা ৰেব পাৰ্টীত অংশগ্ৰহণ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰিয়ান। বৃহস্পতিবাৰে ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী অনন্যা পাণ্ডেৰ ঘৰত অভিযান চলাই এনচিবিয়ে। এতিয়াও চলি আছে অভিযান।
অনন্যা পাণ্ডেলৈ এনচিবিয়ে জাৰি কৰিছে চমন। আজি অভিনেত্ৰীগৰাকীক কৰিব পাৰে সোধা-পোছা। অনন্যা পাণ্ডেৰ ঘৰৰ পৰা ইতিমধ্যে কেইবাটাও ফোন, লেপটপ আৰু ইলেক্ট্ৰনিক সামগ্ৰী জব্দ কৰিছে।
এনচিবিয়ে লাভ কৰা হোৱাটচএপ চ্যাটত দেখা গৈছিল যে, আৰিয়ান খান আৰু অনন্যা পাণ্ডেই কথা পাতিছিল। এনচিবিৰ জোনেল ডিৰেক্টৰ সমীৰ ৱাংখেৰেই অনন্যা পাণ্ডেক সোধা-পোছা কৰিব।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : October 21, 2021, 14:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।