ড্ৰাগছৰ সৈতে কি সম্পৰ্ক অভিনেত্ৰী দীপিকা পাডুকনৰ? বুধবাৰে নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ’ই চমন জাৰি কৰিলে অভিনেত্ৰীগৰাকীলৈ। কেৱল দীপিকাই নহয়, ছাৰা আলি খান, ৰাকুল প্ৰীত সিং আৰু শ্ৰদ্ধা কাপুৰলৈও চমন জাৰি কৰা হৈছে। আগন্তুক তিনিদিনৰ ভিতৰত অভিনেত্ৰীগৰাকীক নাৰ্ক’টিক্স ব্যুৰ’ৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্ৰাগছ জড়িত থকাৰ সন্দেহত ইতিমধ্যে এন চি বিয়ে প্ৰয়াত অভিনেতাজনৰ প্ৰেয়সী ৰিয়া চক্ৰবৰ্তী আৰু ৰিয়াৰ ভাতৃ শৌভিকক গ্ৰেপ্তাৰ কৰিছে। অভিনেত্ৰী দীপিকা পাডুকনকো ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত জেৰা কৰা হ’ব বুলি অনুমান কৰা হৈছিল। আৰু আজি সেয়াই সঁচা প্ৰমাণিত হ’ল।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 23, 2020, 19:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।