জামিন আবেদন খাৰিজ, ১৪ দিন জে’লতে কটাব লাগিব ৰিয়া চক্ৰৱৰ্তীয়ে!

News18 Assam | News18-Assam
Updated:September 9, 2020, 9:32 AM IST
জামিন আবেদন খাৰিজ, ১৪ দিন জে’লতে কটাব লাগিব ৰিয়া চক্ৰৱৰ্তীয়ে!
ৰিয়াৰ বিৰুদ্ধে বহু তথ্য–প্ৰমাণ লাভ কৰিছে এনচিবিয়ে। সেয়ে ৰিয়াৰ অধিবক্তাৰ কোনো চেষ্টাই কামত অহা নাই।

ৰিয়াৰ বিৰুদ্ধে বহু তথ্য–প্ৰমাণ লাভ কৰিছে এনচিবিয়ে। সেয়ে ৰিয়াৰ অধিবক্তাৰ কোনো চেষ্টাই কামত অহা নাই।

  • Share this:
তিনিদিন মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ হ’ল সুশান্ত সিং ৰাজপুতৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তী। মঙলবাৰে ৰিয়াক গ্ৰেপ্তাৰ কৰে নাৰ্ক’টিক কন্ট্র’ল ব্যূৰ’ৱে। গ্ৰেপ্তাৰৰ পিছতে ৰিয়া চক্ৰৱৰ্তীৰ মেডিকেল টেষ্ট কৰা হয়।

খবৰ অনুসৰি, ৰিয়াৰ বিৰুদ্ধে বহু তথ্য–প্ৰমাণ লাভ কৰিছে এনচিবিয়ে। সেয়ে ৰিয়াৰ অধিবক্তাৰ কোনো চেষ্টাই কামত অহা নাই। জামিন আবেদন কৰা হয়, সেয়াও খাৰিজ হয়। মুঠতে ১৪ দিন জে’লতে কটাব লাগিব ৰিয়াই।

আনহাতে, জেৰাত ৰিয়াৰ ভাতৃ আৰু সুশান্তৰ পৰিচাৰক দীপেশে আগতেই জনাইছিল ৰিয়াৰ সৈতে ড্ৰাগছ চক্ৰৰ যোগাযোগ থকাৰ কথা। এই সকলো তদন্ত কৰি নানা অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৰিয়াক।

সুশান্ত সিং ৰাজপুতৰ মৃত্যু ৰহস্যৰ তদন্ত আৰম্ভ কৰিছে চিবিআয়ে। তদন্ত আৰম্ভ হোৱাৰ পিছৰে পৰা পোহৰলৈ আহিছে এটাৰ পিছত আনটো তথ্য। ৰিয়াৰ বিৰুদ্ধে উত্থাপিত হয় বহু অভিযোগ। সুশান্তৰ পৰিয়ালেও ৰিয়াকেই দায়ী কৰিছে এই ঘটনাৰ বাবে।

ইতিমধ্যে এনচিবিৰ জেৰাত ৰিয়াই স্বীকাৰ কৰিছে ড্ৰাগছ সেৱনৰ কথা। তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰিয়াক। অৱশ্যে সুশান্তৰ মৃত্যুৰ সৈতে ৰিয়া কিদৰে জড়িত তাৰ প্ৰমাণ এতিয়াও লাভ কৰা হোৱা নাই।
Published by: Sanjay Kumar Das
First published: September 9, 2020, 9:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading