দুবছৰীয়া ড্ৰাগছৰ গোচৰত কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াৰ বাবে হয়তো আইনী সমস্যাৰ সৃষ্টি হ’ব পাৰে। মুম্বাই নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৱে জনোৱা মতে, তেওঁলোকে দম্পতীহালৰ বিৰুদ্ধে আদালতৰ সন্মুখত ২০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে বুলি এএনআইয়ে প্ৰকাশ কৰিছে। ২০২০ চনত দুয়োকে এটা ড্ৰাগছ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বৰ্তমান জামিনত বাহিৰত আছে।
ভাৰতী আৰু হাৰ্ষ লিম্বাচিয়া এতিয়া ছমহীয়া ল’ৰা সন্তান লক্ষ্যৰ পিতৃ-মাতৃ। উপনগৰ আন্ধেৰীৰ ঘৰৰ পৰা গাঞ্জা (ভাং) জব্দ কৰাৰ পিছতে নৱেম্বৰ, ২০২০ত গ্ৰেপ্তাৰ কৰিছিল নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱে। এনচিবিয়ে জনাইছিল যে তেওঁলোকৰ ঘৰৰ পৰা অভিযান চলাই ৮৬.৫ গ্ৰাম ভাং উদ্ধাৰ কৰা হৈছে। এন চি বিৰ বিষয়াসকলৰ উদ্ধৃতিৰে এ এন আইয়ে জনাইছিল যে, ‘ভাৰতী আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া দুয়োজনেই গাঞ্জা সেৱন কৰিছিল।
দণ্ডাধীশ আদালতে ₹১৫ হাজাৰকৈ বণ্ডত দুদিনৰ পাছত জামিন মঞ্জুৰ কৰে। দুয়োৰে বিৰুদ্ধে এনডিপিএছ আইনৰ ২০(খ)(ii)(ক) (অলপ পৰিমাণৰ ড্ৰাগছ জড়িত) আৰু ৮(গ) (ড্ৰাগছ ৰখা) আৰু ২৭ (ড্ৰাগছ সেৱন) ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।
ভাৰতী আৰু হৰ্ষে কেইবাটাও ৰিয়েলিটি শ্ব’ একেলগে পৰিচালনা কৰিছে। ভাৰতী বৰ্তমান গীতৰ ৰিয়েলিটি শ্ব’, Sa Re Ga Ma Pa L'il Champs 2022 ৰ ঘোষক।ভাৰতী আৰু হৰ্ষ দুয়োজনেই ইয়াৰ পূৰ্বে আন এটা অনুষ্ঠান Hunarbaz: Desh Ki Shaan ৰ আঁত-ধৰোতা আছিল। তদুপৰি চলিত বৰ্ষৰ আৰম্ভণিতে নিজাকৈ কমেডী গেম শ্ব’ 'খতৰা খতৰা খতৰা'ৰ তৃতীয় ছিজন মুকলি কৰিছিল।
ভাৰতী আৰু হৰ্ষে নিয়মিতভাৱে নিজৰ দৈনন্দিন জীৱনৰ ভিডিঅ’ ইনষ্টাগ্ৰামত আৰু তেওঁলোকৰ ইউটিউব চেনেলত পোষ্ট কৰে। বহু ভিডিঅ’ত তেওঁলোকৰ পুত্ৰ লক্ষ্যকো দেখা যায়, যাৰ আন এটা নাম গোল্লা।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|