নিউজ ব্ৰডকাষ্টাৰ এণ্ড ডিজিটেল এছ'চিয়েশ্যনে (NBDA) দেশৰ নিউজ চেনেলসমূহৰ টিআৰপি মুকলি কৰাৰ বাবে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ (MoI&B) দ্বাৰা জাৰি কৰা সিদ্ধান্তৰ সমৰ্থন কৰিছে। এক প্ৰেছ বিজ্ঞপ্তিত News Broadcasters and Digital Association-এ কয় যে টিআৰপি গণনাৰ প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আৰু বিজ্ঞানসন্মত কৰাৰ উপৰি পূৰ্বৰ ত্ৰুটিবোৰ দূৰ কৰাৰ বাবে চৰকাৰৰ পদক্ষেপসমূহক আদৰণি জনোৱা হৈছে। টিআৰপিৰ বাবে BARCৰ প্ৰদৰ্শন আৰু উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাবোৰ উপযুক্ত বুলি প্ৰকাশ কৰে।
NBDAৰ মতে BARCৰ পুনৰ্গঠনৰ সিদ্ধান্ত জৰুৰী আছিল আৰু চৰকাৰে পৰামৰ্শ দিয়া পৰিৱৰ্তনবোৰক আদৰণি জনোৱাৰ যোগ্য। এন বি ডি এই বিশ্বাস কৰে যে বি এ আৰ চি বোৰ্ডৰ ৰদবদল, কাৰিকৰী সমিতিৰ পুনৰ্গঠন, স্বতন্ত্ৰ সদস্য নিযুক্তি আৰু স্থায়ী নিৰীক্ষণ সমিতিয়ে TRP গণনা প্ৰক্ৰিয়াত স্বচ্ছতা আনিব। এন বি ডি এই প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অধ্যক্ষতাত যুটীয়া ৱৰ্কিং গ্ৰুপে ৰিটাৰ্ন পথ ডাটা (RPD) সমন্বয় কৰাত সফল হোৱাৰ আশা প্ৰকাশ কৰে। BARCএ গ্ৰহণ কৰা সংশোধনীবোৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ নিৰ্দেশনাত কৰা হৈছে আৰু এতিয়া টিআৰপি গণনা প্ৰক্ৰিয়াত কোনোৱে হস্তক্ষেপ নকৰাকৈ প্ৰক্ৰিয়াটো অধিক দক্ষ আৰু সুৰক্ষিত কৰাটো উচিত বুলি এনবিডিএয়ে প্ৰকাশ কৰে।
উল্লেখ্য, ভুৱা টিআৰপি কেলেংকাৰিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল নিউজ চেনেলৰ টিআৰপি ৰেটিং। নিউজ চেনেল এটাই ৰেংক তালিকাত কিমান নম্বৰ স্থান লাভ কৰিছে, বাৰ্ক (BARC, Broadcast Audience Research Council)ৰ সেই ৰেটিং পইণ্ট দীৰ্ঘদিন ধৰি বন্ধ কৰি দিয়া হৈছিল। এতিয়া বিগত কেইবামাহ ধৰি বন্ধ হৈ থকা টেলিভিছন ৰেটিং পইণ্ট অর্থাৎ টিআৰপি পুনৰ প্ৰকাশ কৰিব Broadcast Audience Research Council চমুকৈ বাৰ্কে। এইক্ষেত্ৰত বহুখিনি সংশোধন অনা হৈছে এই ব্যৱস্থাত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|