• Home
  • »
  • News
  • »
  • nation
  • »
  • নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনৰ নাম সলনিৰে কৰা হ'ল নিউজ ব্ৰডকাষ্টাৰ এণ্ড ডিজিটেল এছ'চিয়েচন

নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনৰ নাম সলনিৰে কৰা হ'ল নিউজ ব্ৰডকাষ্টাৰ এণ্ড ডিজিটেল এছ'চিয়েচন

NBA বোৰ্ডে ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰকসকলক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সুবিধা হোৱাকৈ নাম সলনিৰ সিদ্ধান্ত লয়।

NBA বোৰ্ডে ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰকসকলক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সুবিধা হোৱাকৈ নাম সলনিৰ সিদ্ধান্ত লয়।

NBA বোৰ্ডে ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰকসকলক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সুবিধা হোৱাকৈ নাম সলনিৰ সিদ্ধান্ত লয়।

  • Share this:

ভাৰতৰ সৰ্ববৃহৎ বাতৰি সম্প্ৰচাৰক সংস্থা নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচন (NBA)ক "নিউজ ব্ৰডকাষ্টাৰ এণ্ড ডিজিটেল এছ'চিয়েচন" (NBDA)লৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে।
NBAত দেশৰ শীৰ্ষ ৰেটেড নিউজ চেনেল আছে আৰু ভাৰতত ৮০ শতাংশতকৈও অধিক নিউজ টেলিভিছন ভিউৱাৰশ্বিপ আছে।


বৰ্তমান প্ৰযুক্তিগত কাৰণত মিডিয়াৰ জগতখনত যথেষ্ট পৰিৱৰ্তন হোৱাৰ বাবে তথ্য আহৰণৰ ক্ষেত্ৰত দৰ্শকৰ বাবে এতিয়া প্ৰচুৰ বিকল্প উপস্থিত হৈছে আৰু ই ডিজিটেল ভৱিষ্যতৰ ইংগিত দিছে, এনে কাৰণতে NBA বোৰ্ডে ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰকসকলক ইয়াৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ সুবিধা হোৱাকৈ NBAৰ নাম NBDAলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে।


এই সিদ্ধান্তৰ কথা ঘোষণা কৰি NBAৰ সভাপতি ৰজত শৰ্মাই কয়- "এনবিএয়ে ইয়াৰ আওতাৰ ভিতৰত ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰকসকলক অনাৰ সিদ্ধান্ত লৈছে। এনে এটা নতুন পৰ্যায়ত ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰক অন্তৰ্ভুক্ত কৰাৰ বাবে NBA বোৰ্ডে বৰ্তমানৰ নাম NBAৰ পৰা NBDAলৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে।" তেওঁ পুনৰ কয়– "মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে NBDAই সম্প্ৰচাৰ আৰু ডিজিটেল মাধ্যম দুয়োৰে বাবে এক শক্তিশালী সামূহিক কণ্ঠস্বৰ হৈ পৰিব। বাণিজ্যিক আৰু নিয়ন্ত্ৰক বিষয়সমূহৰ লগতে এই এছ'চিয়েচনে ভাৰতৰ সংবিধানে সংবাদ মাধ্যমক প্ৰদান কৰা অভিব্যক্তিৰ মৌলিক অধিকাৰ ভালদৰে ৰক্ষা কৰিবলৈ সক্ষম হ'ব।"


১৪ বছৰ পূৰ্বে স্বতন্ত্ৰ স্ব-নিয়ন্ত্ৰক সংস্থা নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ড অথৰিটি (‍NBSA)ৰ স্থাপন কৰাটো নিউজ ব্ৰডকাষ্টাৰ এছ'চিয়েচনৰ বাবে এক গৌৰৱ ৰূপে চিহ্নিত হৈছে। NBSAই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট ন্যায়াধীশ আৰু সম্প্ৰচাৰৰ মান উন্নত কৰাৰ বাবে চেষ্টা কৰা বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত এক সময় পৰীক্ষিত অভিযোগ নিষ্পত্তি প্ৰণালী আৰু প্ৰক্ৰিয়া স্থাপন কৰিছে।


NBDA বোৰ্ডে সিদ্ধান্ত লৈছে যে ডিজিটেল মিডিয়া সংবাদ সম্প্ৰচাৰক অন্তৰ্ভুক্ত কৰাৰ লগে লগে স্ব-নিয়ন্ত্ৰক সংস্থা নিউজ ব্ৰডকাষ্টিং ষ্টেণ্ডাৰ্ড অথৰিটী (NBSA)ৰ নাম "নিউজ ব্ৰডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ড অথৰিটী" (NBDSA) হিচাপে পুনৰ নামকৰণ কৰা হ'ব।

Published by:Gautam Barman
First published: