মুখ্যপৃষ্ঠা »খবৰ »দেশ »ভাৰতীয় নৌ–সেনাত প্ৰথম মহিলা Defence Attache Abroad হিচাপে নিযুক্ত অসমৰ কৰৱী গগৈ

ভাৰতীয় নৌ–সেনাত প্ৰথম মহিলা Defence Attache Abroad হিচাপে নিযুক্ত অসমৰ কৰৱী গগৈ

প্ৰতিৰক্ষা কূটনীতিৰ দায়িত্ব লাভ কৰা লেফটেনেণ্ট কমাণ্ডাৰ গগৈ হ’ব দেশৰ প্ৰথমগৰাকী মহিলা, অহা মাহত ৰাছিয়াৰ ভাৰতীয় দূটাবাসত দায়িত্ব ল’ব নৌ সেনাৰ অভিযন্তাগৰাকীয়ে।

প্ৰতিৰক্ষা কূটনীতিৰ দায়িত্ব লাভ কৰা লেফটেনেণ্ট কমাণ্ডাৰ গগৈ হ’ব দেশৰ প্ৰথমগৰাকী মহিলা, অহা মাহত ৰাছিয়াৰ ভাৰতীয় দূটাবাসত দায়িত্ব ল’ব নৌ সেনাৰ অভিযন্তাগৰাকীয়ে।

  • Share this:
    লেফটেনেণ্ট কমাণ্ডাৰ কৰৱী গগৈক ৰাছিয়াৰ ভাৰতীয় দূটাবাসত Assistant Naval Attache হিচাপে নিযুক্তি প্ৰদান কৰিছে ভাৰতীয় নৌ-সেনাই। এই দায়িত্ব লাভ কৰা গগৈ ভাৰতৰ প্ৰথমগৰাকী মহিলা। নৌ-সেনাৰ অভিযন্তা লেফটেনেণ্ট কমাণ্ডাৰ গগৈ বৰ্তমান কৰ্ণাটকত কৰ্মৰত।

    এমাহ ৰাছিয়ান ভাষাৰ বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা মাহত মস্ক’ত দায়িত্ব ল’ব লেফটেনেণ্ট কমাণ্ডাৰ গৈয়ে। দেশত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক প্ৰতিৰক্ষা কূটনীতিৰ গুৰু দায়িত্ব পালন কৰিবলৈ নিযুক্তি প্ৰদান কৰা হৈছে।

    গগৈ যুঁজাৰু জাহাজ নিৰ্মাণ আৰু চোৱাচিতা বিশেষজ্ঞ। গুৱাহাটীৰ নিবাসী গগৈয়ে ২০১০ চনত ভাৰতীয় নৌ–সেনাত যোগদান কৰিছিল। তেওঁৰ স্বামী লেফটেনেণ্ট কমাণ্ডাৰ প্ৰাঞ্জল সন্দিকৈও নৌ–সেনাৰ Gunnery Officer।

    শেহতীয়া বাতৰি