যিকোনো মুহূৰ্তত হ’ব পাৰে অপ্ৰীতিকৰ পৰিস্থিতি! দেশত হ’ব পাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ, এনে কিছু ভিতৰুৱা তথ্য লাভ কৰাৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে ভাৰতীয় নৌ সেনা। যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বৰ বাবে নৌ সেনাক সাজু থাকিবলৈ ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে নিৰ্দেশ। উল্লেখযোগ্য যে জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫(A) বাতিল আৰু কাশ্মীৰ পুণৰ গঠন বিষয়তো উত্থাপন কৰাৰ পিছতে এতিয়া এই আশংকা কৰিছে ভাৰতীয় প্ৰতিৰক্ষা বিভাগে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 10, 2019, 08:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|