Navjot Singh Sidhu in Jail: জেলৰ মেনুৱেল অনুসৰি ২০ মে’ত সন্ধিয়া ৭.১৫ বজাত সিদ্ধুক মচুৰ দাইল আৰু ৰুটি দিয়া হৈছিল। কিন্তু স্বাস্থ্যৰ কথা উল্লেখ কৰি সিদ্ধুৱে ৰুটি খাবলৈ অস্বীকাৰ কৰিছিল।
Navjot Singh Sidhu in Jail: জেলৰ মেনুৱেল অনুসৰি ২০ মে’ত সন্ধিয়া ৭.১৫ বজাত সিদ্ধুক মচুৰ দাইল আৰু ৰুটি দিয়া হৈছিল। কিন্তু স্বাস্থ্যৰ কথা উল্লেখ কৰি সিদ্ধুৱে ৰুটি খাবলৈ অস্বীকাৰ কৰিছিল।
পঞ্জাৱৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি নৱজোত সিং সিদ্ধু (Navjot Singh Sidhu)ক পাটিয়ালা কেন্দ্ৰীয় কাৰাগাৰ (Patiala Central Jail)ত ৰখা হৈছে। ৩৪ বছৰ পুৰণি গোচৰটোত উচ্চতম ন্যায়াল (Supreme Court)য়ে এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে কাৰাগাৰৰ আলহী হৈছে নৱজোত সিং সিদ্ধু। কিন্তু জেলত একো খোৱা নাই বুলি দাবী কৰিছে সিদ্ধুৰ অধিবক্তাই। অধিবক্তাই কোৱা মতে নৱজোত সিং সিদ্ধুৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল জেল প্ৰশাসনৰ সন্মুখত।
সিদ্ধুৰ অধিবক্তা এইচ পি এছ বাৰ্মাই জনোৱা মতে, সিদ্ধুৰ ঘেঁহুৰ প্ৰতি এলাৰ্জী (Wheat Allergy) আছে। ইয়াৰ বাবেই তেওঁ জেলৰ খাদ্য খাব নোৱাৰে। সিদ্ধুৰ স্বাস্থ্যৰ কথা উল্লেখ কৰি জেলৰ মেনুৱেল অনুসৰি খাদ্য যোগান ধৰিবলৈ আদালতৰ পৰা জনোৱা হৈছিল। সিদ্ধুৰ অধিবক্তাই দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত পাটিয়ালা চেচন আদালতে কাৰাগাৰ প্ৰশাসনৰ পৰা সঁহাৰি বিচাৰিছিল।
সিদ্ধুৰ অধিবক্তাই কৈছে যে গোটেই দিনটো আদালতত জেল প্ৰশাসনৰ পৰা উত্তৰৰ বাবে অপেক্ষা কৰিছিল যদিও সেয়া নহ’ল। একো নোখোৱাকৈ জেলত আছিল সিদ্ধু। উল্লেখযোগ্য যে জেলৰ মেনুৱেল অনুসৰি ২০ মে’ত সন্ধিয়া ৭.১৫ বজাত সিদ্ধুক মচুৰ দাইল আৰু ৰুটি দিয়া হৈছিল। কিন্তু স্বাস্থ্যৰ কথা উল্লেখ কৰি সিদ্ধুৱে ৰুটি খাবলৈ অস্বীকাৰ কৰি কেৱল ছালাড আৰু ফলমূলহে গ্ৰহণ কৰা বুলিও কোৱা হৈছিল।
পাটিয়ালা কাৰাগাৰত নৱজোত সিং সিদ্ধুৰ কয়দী নম্বৰ হৈছে ২৪১৩৮৩ আৰু হত্যাকাণ্ডৰ গোচৰত শাস্তি ভুগি থকা ৮ জন কয়দীৰ সৈতে তেওঁক কাৰাগাৰৰ ১০ নম্বৰ বেৰেকত ৰখা হৈছে। পাটিয়ালা কাৰাগাৰত এখন চকী, এখন টেবুল, দুটা পাগুৰি, এটা ৱাৰ্ডৰব, এখন কম্বল, এখন বিচনা, তিনিটাকৈ আণ্ডাৰৱেৰ আৰু গেঞ্জী, দুখ টাৱেল, এখন আঠুৱা আৰু কলম-বহীও সিদ্ধুক দিয়া হৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|