• Home
  • »
  • News
  • »
  • nation
  • »
  • পাটিয়ালা ক’ৰ্টত আত্মসমৰ্পণ নৱজোৎ সিং সিদ্ধুৰ, এবছৰলৈ থাকিব লাগিব জে’লত

পাটিয়ালা ক’ৰ্টত আত্মসমৰ্পণ নৱজোৎ সিং সিদ্ধুৰ, এবছৰলৈ থাকিব লাগিব জে’লত

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজোৎ সিং সিদ্ধুৰ ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে পাতিয়ালাত গাড়ী ৰখাই থোৱাক লৈ কাজিয়া হৈছিল।

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজোৎ সিং সিদ্ধুৰ ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে পাতিয়ালাত গাড়ী ৰখাই থোৱাক লৈ কাজিয়া হৈছিল।

১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজোৎ সিং সিদ্ধুৰ ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে পাতিয়ালাত গাড়ী ৰখাই থোৱাক লৈ কাজিয়া হৈছিল।

  • Share this:
শুকুৰবাৰে পাটিয়ালা আদালতত আত্মসমৰ্পণ কৰিলে নৱজোত সিং সিদ্ধুৱে। ৰোড ৰেজ গোচৰত উচ্চতম ন্যায়ালয়ে ১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে সিদ্ধুক। এই গোচৰ ৩৪ বছৰ পুৰণি। মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত নৱজোৎ সিং সিদ্ধুৱে আত্মসমৰ্পণ কৰা বুলি সিদ্ধুৰ মিডিয়া উপদেষ্টা সুৰিন্দৰ দল্লাই জানিবলৈ দিয়ে। তেওঁৰ স্বাস্থ্য পৰীক্ষা আৰু অন্যান্য আইনী প্ৰক্ৰিয়াসমূহ চলি আছে। ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত নৱজোৎ সিং সিদ্ধুৰ ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে পাতিয়ালাত গাড়ী ৰখাই থোৱাক লৈ কাজিয়া হৈছিল। সিদ্ধুৱে তেওঁক ঘোচা মাৰিছিল, পিছত গুৰনাম সিঙৰ মৃত্যু হৈছিল। এই গোচৰত উচ্চতম ন্যায়ালয়ে সিদ্ধুক এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

ইয়াৰ পূৰ্বে তেওঁ উচ্চতম ন্যায়ালয়ত আত্মসমৰ্পণৰ বাবে কেইসপ্তাহমান সময় বিচাৰি আবেদন দাখিল কৰিছিল। সিদ্ধুৱে তেওঁৰ দুৰ্বল বেয়া বুলি উল্লেখ কৰিছিল। তেওঁৰ অধিবক্তা অভিষেক মনু সিংভীয়ে এই আবেদন সন্দৰ্ভত মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ পৰা শীঘ্ৰে শুনানি বিচাৰিছিল যদিও মুখ্য ন্যায়াধীশে আগতীয়াকৈ শীঘ্ৰে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি