• Home
  • »
  • News
  • »
  • nation
  • »
  • পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব নেকি নৱজ্যিৎ সিং সিদ্ধু?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব নেকি নৱজ্যিৎ সিং সিদ্ধু?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে নকংগ্ৰেছী তথা ৰাজ্যখনৰ মন্ত্ৰী নৱজ্যিৎ সিং সিদ্ধুৱে ! পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিং আৰু নৱজ্যিৎ সিং সিদ্ধুৰ মাজত ক্ৰমাত তীব্ৰতৰ হৈছে ক্ষমতাকেন্দ্ৰীক যুঁজখন।

  • Share this:
    পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে ন–কংগ্ৰেছী তথা ৰাজ্যখনৰ মন্ত্ৰী নৱজ্যিৎ সিং সিদ্ধুৱে!
    পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিং আৰু নৱজ্যিৎ সিং সিদ্ধুৰ মাজত ক্ৰমাত তীব্ৰতৰ হৈছে ক্ষমতাকেন্দ্ৰীক যুঁজখন। দেওবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিঙে এখন সংবাদমেল সম্বোধন কৰি নৱজ্যিৎ সিং সিদ্ধুক উদ্দেশ্যি কৰে তীৰ্যক মন্তব্য। সংবাদমেলত পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে কয় যে নৱজ্যিৎ সিং সিদ্ধুৱে তেওঁক আঁতৰাই পঞ্জাৱৰ মুখ্যমন্ত্ৰী হ’বলৈ আপ্ৰাণ চেষ্টা চলাই আহিছে। সেইদৰে সিদ্ধুৱে কংগ্ৰেছ দলৰ নীতিৰ বিপৰীতে কাম কৰিছে পঞ্জাৱত । গতিকে সিদ্ধুৰ ওপৰত কংগ্ৰেছ হাইকামাণ্ডেও এক নিৰপেক্ষ তদন্ত কৰিব লাগে বুলি মন্তব্য কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

    নৱজ্যিৎ সিং সিদ্ধুক সমালোচনা কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে যে সিদ্ধু প্ৰকৃত কংগ্ৰেছী নহয়, সিদ্ধুৱে কেৱল ক্ষমতাৰ বাবেহে কংগ্ৰেছত যোগদান কৰিছে ,যদি তেওঁ প্ৰকৃততে কংগ্ৰেছৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ল হেতেন,তেন্তে তেঁও নিৰ্বাচনৰ আগমুহুৰ্তত কংগ্ৰেছত যোগ নিদিলে হেতেন । ৰাজ্যখনৰ পাটিয়ালাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যোৱাৰ সময়ত সিদ্ধুৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিঙে। ইয়াৰ ওপৰিও সংবাদমেলত সিদ্ধুৰ লগত তেওঁৰ কোনো ব্যক্তিগত শত্ৰুতা নাই বুলিও উল্লেখ কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে।

    ইয়াৰ পূৰ্বে সিদ্ধুৱেও মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিংক আওপকীয়াকৈ সমালোচনা কৰা দেখা গৈছিল। শুক্ৰবাৰে নৱজ্যিৎ সিং সিদ্ধুৱে কৈছিল যে ‘কোনো লোকে কৈছিল যে যদি লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসনৰ সংখ্যা হ্ৰাস পাই তেন্তে তেওঁলোকে পদত্যাগ কৰিব! কিন্তু মই কও যে দল বিৰোধী কাৰ্যত লিপ্ত থকা সকলৰ বিৰুদ্ধে যদি দলে তদন্ত নকৰে তেন্তে মই দলৰ পৰা পদত্যাগ কৰিম’। নৱজ্যিৎ সিং সিদ্ধু আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰেন্দ্ৰ সিঙৰ মাজত চলিথকা ক্ষমতাকেন্দ্ৰীক যুঁজখনে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিতো লাভ কৰিছে ব্যাপক চৰ্চা।
    First published: