অত্যন্ত অপমানিত অনুভৱ কৰিছিল পঞ্জাবৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে, যাৰ বাবে তেওঁ আজি পদত্যাগ কৰাৰ পথত অগ্ৰসৰ হয়। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত কেপ্টেইন অমৰিন্দৰ সিঙে নৱজ্যোত সিং সিদ্ধুক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে।
সিদ্ধুৰ ওপৰত এক ডাঙৰ অভিযোগ উত্থাপন কৰি অমৰিন্দৰ সিঙে কয় যে নৱজ্যোত সিং সিদ্ধুৰ পাকিস্তানৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। অমৰিন্দৰ সিঙে (Amarinder Singh) কয় যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান আৰু জেনেৰেল জাভেদ বাওজাৰ সৈতে নৱজ্যোত সিং সিদ্ধুৰ বন্ধুত্ব আছে। যদি তেওঁক মুখ্যমন্ত্ৰী বনোৱা হয়, তেন্তে তেওঁ পঞ্জাবক ডুবাই দিব। তেওঁৰ মতে, 'নৱজ্যোত সিং সিদ্ধুৱে একো চম্ভালিব নোৱাৰে, মই তেওঁক ভালদৰে জানো। এয়া পঞ্জাবৰ বাবে ভয়ানক হ'ব পাৰে।'
অমৰিন্দৰ সিঙে লগতে পঞ্জাব প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিক আক্ৰমণ কৰি কয়, 'এটা মন্ত্ৰালয় চলাব নোৱাৰিলে, ৰাজ্য কি চলাব। সকলো নষ্ট কৰিব। তেওঁলোকৰ সামৰ্থ্য নাই।' অকল এয়াই নহয়, অমৰিন্দৰ সিঙে নিজৰ সমৰ্থকসকলক সিদ্ধুৰ মুকলি বিৰোধিতা কৰিবলৈও আহ্বান জনাইছে। তেওঁৰ মতে, কংগ্ৰেছ দলে নৱজ্যোত সিং সিদ্ধুক পঞ্জাবৰ মুখ্যমন্ত্ৰীৰ বাবে নাম প্ৰস্তাৱ কৰিলে, ইয়াৰ বিৰোধিতা কৰা হ'ব কিয়নো এয়া জাতীয় নিৰাপত্তাৰ বিষয়।
উল্লেখ্য, অমৰিন্দৰ সিঙে পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পাছত কৈছিল– 'মই আজি পুৱাই এই সিদ্ধান্ত লৈছিলোঁ আৰু ছোনিয়া গান্ধীয়ে পদত্যাগ পত্ৰ দিবলৈ কৈছিল। মই বহুত অপমানিত হৈছো। ভৱিষ্যতে মোৰ বাবে বহু বিকল্প পথ আছে। আৰু তেওঁলোকে যাক বিশ্বাস কৰে তেওঁকেই নতুন মুখ্যমন্ত্ৰী ৰূপে নিয়োগ কৰে যেন।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|