৫৮ বছৰীয়া নৱজ্যোত সিদ্ধুৱে এবছৰৰ কাৰাবাসৰ বাবে এতিয়া আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিব লাগিব।
৫৮ বছৰীয়া নৱজ্যোত সিদ্ধুৱে এবছৰৰ কাৰাবাসৰ বাবে এতিয়া আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিব লাগিব।
কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক আজি উচ্চতম ন্যায়ালয়ে ৩৪ বছৰ পুৰণি ৰোড ৰেজ গোচৰত এবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ মাত্ৰ কেইমাহমানৰ পিছতে ক্ৰিকেটাৰ-ৰাজনীতিবিদজন জনৰ বাবে আন এক ডাঙৰ আঘাত।
৫৮ বছৰীয়া নৱজ্যোত সিদ্ধুৱে এবছৰৰ কাৰাবাসৰ বাবে এতিয়া আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰিব লাগিব। আজি পুৱা এক প্ৰতিবাদত অংশগ্ৰহণ কৰা পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বীয়ে টুইট কৰি কয়, "আইনৰ মহিমাৰ অধীন হ'ব..."।
১৯৮৮ চনত সিদ্ধু আৰু তেওঁৰ সহযোগীয়ে এগৰাকী লোকৰ সৈতে বিবাদত লিপ্ত হৈছিল। আৰু পিছত লোকজনে মৃত্যুক সাৱটি লৈছিল। তেতিয়াই সিদ্ধুৰ বিৰুদ্ধে পৰিয়ালৰ লোক আইনৰ কাষ চাপিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সিদ্ধুক এই শাস্তি প্ৰদান কৰে।
ভুক্তভোগীৰ পৰিয়ালে সিদ্ধুৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আৰু উচ্চতম ন্যায়ালয়ৰ ২০১৮ চনৰ আদেশৰ পুনৰীক্ষণৰ বাবে কৈছিল। ১৯৮৮ চনৰ ২৭ ডিচেম্বৰত সিদ্ধুৱে পাটিয়ালাৰ বাসিন্দা গুৰনাম সিঙৰ সৈতে পাৰ্কিং স্থানক লৈ তৰ্ক-বিতৰ্কত লিপ্ত হৈছিল। সিদ্ধু আৰু তেওঁৰ সহযোগী ৰূপিন্দৰ সিং সান্ধুৱে গুৰনাম সিঙক তেওঁৰ গাড়ীৰ পৰা টানি নিছিল আৰু তেওঁক খুন্দা মাৰিছিল। পিছত তেওঁৰ মৃত্যু হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|