• Home
  • »
  • News
  • »
  • nation
  • »
  • আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰীৰ প্ৰথমটো দিন; জানো আহক নৱৰাত্ৰীৰ মহত্ব,পূজা-অৰ্চনা

আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰীৰ প্ৰথমটো দিন; জানো আহক নৱৰাত্ৰীৰ মহত্ব,পূজা-অৰ্চনা

ব্ৰহ্মা যোগ ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ৮ বাজি ৬ মিনিটৰ পৰা ২৭ ছেপ্টেম্বৰৰ পুৱা ৬ বাজি ৪৪ মিনিটলৈ থাকিব।

ব্ৰহ্মা যোগ ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ৮ বাজি ৬ মিনিটৰ পৰা ২৭ ছেপ্টেম্বৰৰ পুৱা ৬ বাজি ৪৪ মিনিটলৈ থাকিব।

ব্ৰহ্মা যোগ ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ৮ বাজি ৬ মিনিটৰ পৰা ২৭ ছেপ্টেম্বৰৰ পুৱা ৬ বাজি ৪৪ মিনিটলৈ থাকিব।

  • Share this:
আজিৰ পৰা নৱৰাত্ৰী আৰম্ভ হৈছে। প্ৰতিবছৰে আহিন মাহৰ কৃষ্ণ পক্ষত শাৰদীয় নৱৰাত্ৰী আৰম্ভ হয়। এইবাৰ ২৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে নৱৰাত্ৰী আৰু আগন্তুক ৫ অক্টোবৰত বিজয়া দশমীৰ দিনা সমাপ্ত হ’ব।

হিন্দু পঞ্চাংগ অনুসৰি, গোটেই বছৰজুৰি মুঠ চাৰিটা নৱৰাত্ৰী হয়। ইয়াৰ ভিতৰত দুটা গোপন নৱৰাত্ৰী, এটা চৈত্ৰ নৱৰাত্ৰী আৰু আনটো শাৰদীয় নৱৰাত্ৰী অন্তৰ্ভুক্ত থাকে। প্ৰতিটো নৱৰাত্ৰীৰ ভিতৰত শাৰদীয় আৰু চৈত্ৰ নৱৰাত্ৰীৰ বিশেষ মহত্ব আছে। নৱৰাত্ৰীৰ দিনবোৰত দেৱী দূৰ্গা স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহে আৰু ভক্তৰ ঘৰত ৯ দিনৰ বাবে বিৰাজ কৰে বুলি হিন্দু ধৰ্মাৱলম্বীৰ লোকে বিশ্বাস কৰে।

নৱৰাত্ৰিৰ ৯ দিনত দেৱী দুৰ্গাৰ ৯ টা ভিন্ন ৰূপৰ পূজা কৰা হয়। দেৱী দুৰ্গাৰ ভক্তসকলে এই নটা দিনত উপবাস পালন কৰে আৰু দূৰ্গাৰ শক্তিৰ উপাসনা কৰে। নৱৰাত্ৰিৰ নটা দিনত দেৱী দুৰ্গাৰ ভক্তসকলৰ ওপৰত তেওঁৰ বিশেষ কৃপা থাকে বুলি লোক বিশ্বাস আছে। শাস্ত্ৰত দেৱী দুৰ্গাৰ নটা ৰূপ বৰ্ণনা কৰা হৈছে। নৱৰাত্ৰিৰ সময়ত, দেৱী দুৰ্গাৰ বিভিন্ন প্ৰকাৰৰ উপাসনা কৰিলে দূৰ্গা দেৱীয়ে ভক্তসকলক বিশেষ গুণ প্ৰদান কৰে আৰু লগতে ভক্তসকলৰ প্ৰতিটো দুখ-কষ্ট দূৰ কৰে বুলি বিশ্বাস আছে।

ধৰ্মীয় বিশ্বাস অনুসৰি, এই নটা দিনৰ বাবে দূৰ্গা দেৱী পৃথিৱীলৈ আহে আৰু তেওঁৰ ভক্তসকলৰ ইচ্ছা পূৰণ কৰে আৰু তেওঁলোকৰ দুখবোৰ হৰণ কৰে। নৱৰাত্ৰিৰ প্ৰতিটো দিন মাৰ নিৰ্দিষ্ট ৰূপৰ বাবে সমৰ্পিত আৰু প্ৰতিটো ৰূপৰ এক পৃথক মহিমা আছে। আদিশক্তি জগদম্বাৰ প্ৰতিটো প্ৰকাৰৰ দ্বাৰা বিভিন্ন আকাংক্ষা পূৰণ হয়। এই উৎসৱটো নাৰী শক্তিৰ উপাসনাৰ উৎসৱ। নৱৰাত্ৰিৰ সময়ত, দেৱী দুৰ্গাৰ নটা প্ৰকাৰ ক্ৰমে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মাণ্ডাৰ, স্কন্দমাতা, কাতিয়ানী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী দেৱীক পূজা কৰা হয়।

বিশ্বাস কৰা হয় যে দেৱী দূৰ্গাক ভক্তিৰে উপাসনা কৰিলে ভক্তসকলৰ ওপৰত তেওঁ সন্তুষ্ট হয় আৰু ভক্তসকলৰ ওপৰত নিজৰ কৃপা প্ৰদান কৰে। উয়াৰোপৰি, এই নটা দিন সকলোবোৰ ভক্তিমূলক ৰঙেৰে অংকিত কৰা হৈছে। দেৱীক সন্তুষ্ট কৰিবলৈ উপবাস ৰখা হয়।

এইবাৰ শাৰদীয় নৱৰাত্ৰিত, দুটা অতি শুভ সংযোগ অহাৰ সম্ভাৱনা আছে। শুক্লা যোগ ২৫ ছেপ্টেম্বৰৰ পুৱা ৯ বাজি ৬ মিনিটৰ পৰা নৱৰাত্ৰিৰ প্ৰথম দিনা অৰ্থাৎ ২৬ ছেপ্টেম্বৰৰ পুৱা ৮ বাজি ৬ মিনিটলৈ আছিল। ব্ৰহ্মা যোগ ২৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে পুৱা ৮ বাজি ৬ মিনিটৰ পৰা ২৭ ছেপ্টেম্বৰৰ পুৱা ৬ বাজি ৪৪ মিনিটলৈ থাকিব।

প্ৰতিপদা তিথি ঘাটস্থপানাৰ শুভ মুহূৰ্ত–

ঘাটস্থপানা মুহূৰ্ত ৰাতিপুৱা ৬ বাজি ১৭ মিনিটৰ পৰা পুৱা ৭ বাজি ৫৫ মিনিটলৈ থাকিব।
আবেলি মুহূৰ্ত ১১ বাজি ৫৪ মিনিটৰ পৰা ১২ বাজি ৪২ মিনিটলৈ থাকিব।

শাৰদীয় নৱৰাত্ৰী ২০২২ৰ তিথিসমূহ–

২৬ ছেপ্তেম্বৰ (প্ৰথম দিন)– মা শৈলপুত্ৰীৰ পূজা
২৭ ছেপ্তেম্বৰ (দ্বিতীয় দিন)– মা ব্ৰহ্মচাৰিণীৰ পূজা
২৮ ছেপ্তেম্বৰ (তৃতীয় দিন)– মা চন্দ্ৰঘন্টাৰ পূজা
২৯ ছেপ্তেম্বৰ (চতুৰ্থ দিন)– মা কুষ্মাণ্ডাৰ পূজা
৩০ ছেপ্তেম্বৰ (পঞ্চম দিন)– মা স্কন্দমাতাৰ পূজা
১ অক্টোবৰ (ষষ্ঠ দিন)– মা কাতিয়ানীৰ পূজা
২ অক্টোবৰ (সপ্তম দিন)– মা কালৰাত্ৰী পূজা
৩ অক্টোবৰ (অষ্টম দিন)– মা মহাগৌৰী পূজা
৪ অক্টোবৰ (নৱম দিন)– মা সিদ্ধিদাত্ৰী পূজা
৫ অক্টোবৰ (দশম দিন)– (ব্ৰত পাৰাণ), নৱৰাত্ৰি দুৰ্গা বিসৰ্জন, বিজয়দশমী বা দশেৰা।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি