உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • বিপদত বাবা ৰামদেৱ! যোগগুৰুৰ বিৰুদ্ধে ১ জুনত দেশজোৰা বিক্ষোভ

    বিপদত বাবা ৰামদেৱ! যোগগুৰুৰ বিৰুদ্ধে ১ জুনত দেশজোৰা বিক্ষোভ

    বাবা ৰামদেৱৰ এলোপেথী চিকিৎসা–বিতৰ্কৰ অন্ত ক'ত?

    বাবা ৰামদেৱৰ এলোপেথী চিকিৎসা–বিতৰ্কৰ অন্ত ক'ত?

    বাবা ৰামদেৱৰ এলোপেথী চিকিৎসা–বিতৰ্কৰ অন্ত ক'ত?

    • Share this:

    যোগগুৰু বাবা ৰামদেৱৰ সন্মুখত ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ পিছত এইবাৰ থিয় হৈছে ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছোচিয়েচন (FAIMA)। সংস্থাটোৱে বাবা ৰামদেৱে সস্তীয়া প্ৰচাৰৰ বাবে আধুনিক চিকিৎসা ব্যৱস্থাক ধাৰাসাৰ আক্ৰমণ কৰি আছে বুলি উল্লেখ কৰি তেওঁক ক্ষমা খোজাৰ দাবী জনাইছে।


    আনহাতে আন এটা সংগঠন ফেডাৰেচন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েচনে (FRDA) ১ জুনত ৰামদেৱৰ এলোপেথী চিকিৎসা পদ্ধতিক লৈ কৰা মন্তব্যৰ বিৰুদ্ধেও দেশজুৰি বিক্ষোভ প্ৰদৰ্শন কৰিব। এই দিনটো ক'লা দিৱস ৰূপে সংস্থাটোৱে পালন কৰিব বুলি জানিব পৰা গৈছে। আৰডিএই ৰাইজৰ সন্মুখত বাবা ৰামদেৱক চৰ্তহীন ক্ষমা খোজাৰো দাবী জনাইছে।


    উল্লেখ্য, শেহতীয়াকৈ বাবা ৰামদেৱে এলোপেথী ঔষধৰ ওপৰত বিতৰ্কিত মন্তব্য দিয়াৰ লগতে ডাক্তৰ তথা আধুনিক চিকিৎসা বিজ্ঞানক ধাৰাসাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আজি তেওঁ অভিনেতা আমীৰ খানকো বিতৰ্কৰ মাজত টানি আনে।

    Published by:Gautam Barman
    First published: