உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • কোৰোণা নিয়ন্ত্ৰণৰ বাবে দেশত লকডাউনৰ নতুন ফৰ্মূলা বলৱৎ হ'ব নেকি? WHO-এ দিলে বিশেষ পৰামৰ্শ, জানি লওক

    কোৰোণা নিয়ন্ত্ৰণৰ বাবে দেশত লকডাউনৰ নতুন ফৰ্মূলা বলৱৎ হ'ব নেকি? WHO-এ দিলে বিশেষ পৰামৰ্শ, জানি লওক

    বিশ্ব স্বাস্থ্য সংস্থাই দ্বিতীয় ঢৌৰ পৰা শিক্ষা লৈ ৰাইজৰ জীৱন আৰু ৰোজগাৰ দুয়োটাই ৰক্ষা কৰা জৰুৰী বুলি মতব্যক্ত কৰিছে।

    বিশ্ব স্বাস্থ্য সংস্থাই দ্বিতীয় ঢৌৰ পৰা শিক্ষা লৈ ৰাইজৰ জীৱন আৰু ৰোজগাৰ দুয়োটাই ৰক্ষা কৰা জৰুৰী বুলি মতব্যক্ত কৰিছে।

    বিশ্ব স্বাস্থ্য সংস্থাই দ্বিতীয় ঢৌৰ পৰা শিক্ষা লৈ ৰাইজৰ জীৱন আৰু ৰোজগাৰ দুয়োটাই ৰক্ষা কৰা জৰুৰী বুলি মতব্যক্ত কৰিছে।

    • Share this:
    দেশত আকৌ এবাৰ কোৰোণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশ্বজুৰি অমিক্ৰণে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ ভাৰতবৰ্ষতো প্ৰতিদিনে বাঢ়িছে অমিক্ৰণত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণাৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ আকৌ এবাৰ চৰ্চালৈ আহিছে লকডাউনৰ প্ৰসংগ। কিন্তু লকডাউনৰ নাম শুনিলেই আতংকিত হৈ পৰে দেশবাসী। কাৰণ দ্বিতীয় ঢৌৰ সময়ৰ লকডাউনে বহুক্ষেত্ৰত দেশবাসীক বিপদত পেলাইছিল। বহুতে হেৰুৱাইছিল সংস্থাপন। এই মুহূৰ্তত সঁচাকৈ ভাৰতত আছে নেকি লকডাউন দিয়াৰ পৰিবেশ, বিশ্ব স্বাস্থ্য সংস্থাই এই সন্দৰ্ভত দিছে বিশেষ পৰামৰ্শঃ

    বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে, ভাৰতত কোৰোণা ভাইৰাছৰ তৃতীয় ঢৌক প্ৰতিহত কৰিবলৈ সম্পূৰ্ণ লকডাউন দিয়াৰ প্ৰয়োজন নাই। এনে সিদ্ধান্তই দেশখনক বিপদত পেলাব পাৰে। কিন্তু সংস্থাই লকডাউনৰ এক নতুন ফৰ্মূলাৰ বিষয়ে জনাইছে। সংগঠনটোৱে জনোৱা মতে, ভাৰতত তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ ৰিস্কৰ হিচাপত বেন লগাবলৈ নতুন ৰণনীতি প্ৰস্তুত কৰিব লাগে।

    বিশ্ব স্বাস্থ্য সংস্থাই দ্বিতীয় ঢৌৰ পৰা শিক্ষা লৈ ৰাইজৰ জীৱন আৰু ৰোজগাৰ দুয়োটাই ৰক্ষা কৰা জৰুৰী বুলি মতব্যক্ত কৰিছে। ভেৰিয়েণ্টটো কিমান সংক্ৰমক সেয়া চাব লাগিব। ইয়াৰ পৰা কিমান খিনি জটিলতা আহিব পাৰে সেয়া গুৰুত্বসহকাৰে চাব লাগে। লগতে ভেকচিনৰ ওপৰতো জোৰ দিবলৈ আহ্বান জনাইছে।

    বিশ্ব স্বাস্থ্য সংস্থাই সম্পূৰ্ণ ৰূপে বাধা নিষেধ আৰোপ কৰাৰ প্ৰস্তাৱ দিয়া নাই। ই ভাৰতৰ অৰ্থ ব্যৱস্থাক ক্ষতি কৰিব। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে, শেহতীয়া পৰিস্থিতি, হেলথ চেক্টৰৰ ক্ষমতা আৰু সামাজিক-আৰ্থিক পৰিস্থিতি চাই চৰকাৰে মহামাৰীক প্ৰতিহত কৰিবলৈ উপায় উলিয়াব লাগে। যদি ৰাইজে সকলো নিয়ম পালন কৰে, তেতিয়া লকডাউনৰ প্ৰয়োজনীয়তা নাহিব।

    সংগঠনটোৱে কৈছে যে, ভাৰতত কোৰোণা তৃতীয় ঢৌ প্ৰতিহত কৰিবলৈ হ'লে মাস্ক আৰু ভেকচিন কভাৰেজ অতি গুৰুত্বপূৰ্ণ। ভেকচিন কভাৰেজ বঢ়োৱা, মাস্কৰ প্ৰয়োগ, হেণ্ড চেনিটাইজেশ্যন, শাৰীৰিক দূৰত্ব, ভিৰ পৰিহাৰ কৰিলে সংক্ৰমণৰ ঘটনা হ্ৰাস পাব।
    Published by:Himangshu Bhuyan
    First published: