প্ৰতি বছৰে সমগ্ৰ দেশতে ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। শ্ৰীনিবাস ৰামানুজনৰ কৰ্মৰাজিক স্বীকৃতি আৰু উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়।
১৮৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় গণিতজ্ঞ প্ৰতিভাশালী শ্ৰীনিবাস ৰামানুজনৰ জন্ম হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাৰতীয় গণিতজ্ঞগৰাকীৰ জন্ম বাৰ্ষিকী উপলক্ষে ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত ২২ ডিচেম্বৰক 'ৰাষ্ট্ৰীয় গণিত দিৱস' হিচাপে ঘোষণা কৰে।
শ্ৰীনিবাস ৰামানুজনক ‘অসীমতা জ্ঞাত মানৱ’ বুলিও জনা যায়। গণিতৰ কোনো আনুষ্ঠানিক শিক্ষা লাভ নকৰা ৰামানুজনে গণিতৰ ক্ষেত্ৰখনলৈ কেইবাটাও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
শ্ৰীনিবাস ৰামানুজনৰ প্ৰতিভাশালী হোৱাৰ যাত্ৰা তেতিয়া আৰম্ভ হৈছিল যেতিয়া তেওঁ এজন অধ্যাপকলৈ এখন চিঠি প্ৰেৰণ কৰিছিল য’ত তেওঁ প্ৰায় ১২০টা গাণিতিক উপপাদ্যৰ কথা উল্লেখ কৰিছিল। প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেইমাহমান আগতে তেওঁ ট্ৰিনিটি কলেজত যোগদান কৰিছিল। ১৯১৬ চনত ৰামানুজনে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১৭ চনত তেওঁ লণ্ডন মেথেমেটিকেল ছ’চাইটিলৈ নিৰ্বাচিত হয়। ১৯১৮ চনত তেওঁ এলিপটিক ফাংচন আৰু সংখ্যাৰ তত্ত্বৰ ওপৰত কৰা গৱেষণাৰ বাবে ৰয়েল ছ’চাইটিৰ ফে'লো নিৰ্বাচিত হয়। সেই বছৰতে অক্টোবৰ মাহত তেওঁ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজৰ ফে'লো নিৰ্বাচিত হোৱা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়।
১৯১৯ চনত তেওঁ দুৰ্বল স্বাস্থ্যৰ বাবে ভাৰতলৈ উভতি আহে আৰু এবছৰৰ পিছত ১৯২০ চনৰ ২৬ এপ্ৰিলত ৩২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : December 23, 2022, 00:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।