ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ NRSCৰ এগৰাকী বিজ্ঞানীকক নৃশংস ভাবে নিজ ঘৰতে হত্যা কৰিলে অচিনাক্ত দুৰ্বৃত্তই। নিজৰ ফ্লেটৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ লওতেই অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিলে বিজ্ঞানীজনক।
তেলেংগানাৰ ৰাজধানী হায়দৰাবাদৰ অমীৰপেট এলেকাত সংঘটিত হৈছে এই হত্যাকাণ্ড।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ জ্যেষ্ঠ বিজ্ঞানীজনৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, এছ সুৰেশ নামৰ ৫৬ বৰ্ষীয় বিজ্ঞানীগৰাকী ইছৰ’ৰ নেশ্যনেল ৰিম’ট চেঞ্চিং চেন্টাৰৰ সৈতে জড়িত আছিল।
মঙলবাৰে কাৰ্যালয়লৈ নহাত সহকৰ্মীয়ে বিজ্ঞানীজনলৈ ফোন কৰে। কিন্তু বহুবাৰ ফোন কৰাৰ পিছতো কোনো ধৰণৰ উত্তৰ লাভ নকৰাত সহকৰ্মীজনে বিজ্ঞানীজনৰ চেন্নাইত থকা পত্নীলৈ ফোন কৰে। পিছত বহুবাৰ চেষ্টা কৰাৰ পিছতো লোকজনৰ সৈতে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব নোৱাৰি আৰক্ষীক খবৰ দিয়ে পত্নীয়ে। পিছত আৰক্ষীয়ে আহি ফ্লেটত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|